Tuesday, May 21, 2019

অধিক বিদেশী ঘোষণা কৰিব নোৱাৰিলে যাব পাৰে চাকৰি



চৰকাৰৰ শপতনামাত ভয়াৱহ তথ্য ফাদিল


ডিজিটেল ডেস্কঃ বিদেশী ন্যায়াধিকৰণত বিগত সময়ত একাংশ ভাৰতীয় নাগৰিকক একপক্ষীয়ভাৱে বিদেশী ঘোষণা কৰি অহাৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে এইবাৰ সমস্ত বিচাৰ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰা এক ভয়াৱহ ষড়যন্ত্ৰৰ তথ্য ফাদিল হৈছে। বিশেষকৈ বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলে অধিক হাৰত বিদেশী ঘোষণা কৰিব নোৱাৰিলে চাকৰিৰ পৰা চাটাই। আনহাতেদি ব্যাপক হাৰত বিদেশী ঘোষণা কৰিবলৈ সক্ষম হ’লে চৰকাৰে সেইসকল বিদেশী ন্যায়াধিকৰণৰ সদস্যক পুৰস্কাৰ হিচাপে তেওঁলোকৰ চাকৰিৰ ম্যাদ বৃদ্ধি কৰিছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক শপতনামাতেই বিদেশী ন্যায়াধিকৰণত বিদেশী ঘোষণাক লৈ চলা এনেধৰণৰ তথ্য পোহৰলৈ আহিছে। বিদেশী ন্যায়াধিকৰণৰ সদস্যৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমোদনৰ প্ৰয়োজন যদিও সম্প্ৰতি ৰাজ্য চৰকাৰখনে সমস্ত বিচাৰ প্ৰক্ৰিয়াত হস্তক্ষেপ কৰি ১৯ গৰাকীকৈ সদস্যক চাকৰিৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত ন্যায়ালয়ত দাখিল কৰা শপতনামাত এনেবোৰ চাঞ্চল্যকৰ তথ্য ফাদিল হৈছে। ৰাজ্য চৰকাৰে বিদেশী ন্যায়াধিকৰণত ১৯ গৰাকীকৈ সদস্যক চাকৰিৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত আদালতত দাখিল কৰা শপতনামাত সদস্যসকলৰ পাৰদৰ্শিতা ভাল নাছিল অৰ্থাৎ অধিক হাৰত বিদেশী ঘোষণা কৰিবলৈ সক্ষম নোহোৱাৰ বাবেই চাকৰিৰ পৰা চাটাই কৰা হ’ল বুলি স্পষ্ট হৈ পৰে। শপতনামাৰ জড়িয়তে চৰকাৰে দাখিল কৰা বিদেশী ন্যায়াধিকৰণৰ সদস্যৰ পাৰদৰ্শিতাৰ প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা আছে যে ধুবুৰী জিলাৰ তৃতীয় বিদেশী ন্যায়াধিকৰণৰ সদস্য কাৰ্তিক চন্দ্ৰ ৰায়ে তেওঁৰ কাৰ্যকালত ৩৮০ টা বিদেশীৰ গোচৰৰ মাত্ৰ ১.৩২ শতাংশক বিদেশী বুলি ঘোষণা কৰিবলৈ সক্ষম হৈছে।  সেয়ে কাৰ্তিক চন্দ্ৰ ৰায়ৰ পাৰদৰ্শিতাক লৈ চৰকাৰ সন্তুষ্ট নহয় আৰু চাকৰিৰ পৰা চাটাই কৰিব পাৰি বুলি উল্লেখ কৰিছে। একেদৰে গোৱালপাৰাৰ ষষ্ঠ বিদেশী ন্যায়াধিকৰণৰ সদস্য দিলীপ কুমাৰ বৰ্মনে তেওঁৰ কাৰ্যকালত ৪৮৫ টা গোচৰৰ ভিতৰত মাত্ৰ ৪.৩২ শতাংশ লোকক বিদেশী বুলি ঘোষণা কৰিবলৈ সক্ষম হৈছে। বৰ্মনৰ পাৰদৰ্শিতাক লৈয়ো চৰকাৰ সন্তুষ্ট নহয় আৰু চাকৰিৰ পৰা চাটাই কৰে। গোৱালপাৰাত সপ্তম বিদেশী ন্যায়াধিকৰণৰ সদস্য ভবকান্ত হাজৰিকাই ৪৯৮ টা গোচৰৰ ভিতৰত ৪২.৬৬ শতাংশ গোচৰ নিষ্পত্তি কৰিছে আৰু ২.৪৩ শতাংশক বিদেশী ঘোষণা কৰিছে। হাজৰিকাৰ পাৰদৰ্শিতাক লৈয়ো সন্তুষ্ট নহয় চৰকাৰ। যাৰ বাবে চাকৰিৰ পৰা চাটাই কৰিব পাৰি বুলি উল্লেখ কৰিছে। আনহাতে গোৱালপাৰা জিলাত অষ্টম বিদেশী ন্যায়াধিকৰণৰ সদস্য কুলেন্দ্ৰ তালুকদাৰে ৩২৬ গোচৰৰ ভিতৰত ২৪.৯৬ শতাংশ গোচৰ নিষ্পত্তি কৰিছে আৰু ৭.৬৭ শতাংশক বিদেশী ঘোষণা কৰিছে। ৭.৬৭ শতাংশ লোকক বিদেশী ঘোষণা কৰাৰ পিছতো চৰকাৰ তালুকদাৰৰ কাম-কাজক লৈ সন্তুষ্ট নহয়। যাৰ বাবে চাকৰিৰ পৰা অব্যাহতি দিব পাৰি বুলি উল্লেখ কৰিছে প্ৰতিবেদনত। বঙাইগাঁও জিলাৰ পঞ্চম বিদেশী ন্যায়াধিকৰণৰ সদস্য দ্বীজেন চন্দ্ৰ দত্তই ৫৪৮ টা গোচৰৰ ভিতৰত ১২.৪৭ শতাংশ গোচৰ নিষ্পত্তি কৰাৰ বিপৰীতে ১.৪৬ শতাংশ বিদেশী ঘোষণা কৰিবলৈ সক্ষম হৈছে। দত্তৰ পাৰদৰ্শিতাক লৈ মুঠেই সন্তুষ্ট নহয় চৰকাৰ। সেয়ে চাকৰিৰ পৰা অব্যাহতি দিব পাৰি (May be terminated) বুলি উল্লেখ কৰে। বঙাইগাঁও জিলাৰ ষষ্ঠ বিদেশী ন্যায়াধিকৰণৰ সদস্য কামাল উদ্দিন আহমেদ চৌধুৰীৰ ক্ষেত্ৰতো একেই দশা। চৌধুৰীয়ে ৪৭২ টা গোচৰৰ ভিতৰত ১৪.৫৭ শতাংশ গোচৰ নিষ্পত্তি কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ১.০৬ শতাংশক বিদেশী ঘোষণা কৰিছে। চৌধুৰীৰ পাৰদৰ্শিতাক লৈ মুঠেই সন্তুষ্ট নহয় চৰকাৰ। সেয়ে চাকৰিৰ পৰা অব্যাহতি দিয়া হ’ল। বঙাইগাঁৱৰ সপ্তম বিদেশী ন্যায়াধিকৰণৰ সদস্য নিলয় কান্তি ঘোষৰ পাৰদৰ্শিতাক লৈয়ো সন্তুষ্ট নহয় চৰকাৰ। ঘোষে ৪৮৫ টা গোচৰৰ ভিতৰত ১৯.২৯ শতাংশ গোচৰ নিষ্পত্তি কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ০.৮২ শতাংশক বিদেশী ঘোষণা কৰিছে। চৰকাৰে চৌধুৰীৰ কাম-কাজত অসন্তুষ্টি ব্যক্ত কৰি চাকৰিৰ পৰা অব্যাহতি দিয়ে। একেদৰে কামৰূপ গ্ৰাম্যৰ তৃতীয় বিদেশী ন্যায়াধিকৰণৰ সদস্য অসীম কুমাৰ বৰুৱাই ৫৬২ টা গোচৰৰ ভিতৰত ৪১.২০ শতাংশ গোচৰ নিষ্পত্তি কৰিবলৈ সক্ষম হৈছে। কিন্তু বৰুৱাই মাত্ৰ ৭.৮৩ শতাংশ লোকক অৰ্থাৎ ৪৪ জনক বিদেশী ঘোষণা কৰিছে। চৰকাৰ বৰুৱাৰ পাৰদৰ্শিতাক লৈ মুঠেই সন্তুষ্ট নহয়। সেয়ে চাকৰিৰ পৰা অব্যাহতি দিয়া হয়। কামৰূপ গ্ৰাম্য জিলাৰ চতুৰ্থ বিদেশী ন্যায়াধিকৰণৰ সদস্য গীতি কাকতি দাসে ৪৩৮ টা গোচৰৰ ভিতৰত ২৯.৪২ শতাংশ গোচৰ নিষ্পত্তি কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ৮.৬৮ শতাংশক বিদেশী ঘোষণা কৰিবলৈ সক্ষম হৈছে। কম সংখ্যক বিদেশী ঘোষণা কৰাৰ বাবে দাসক চাকৰিৰ পৰা অব্যাহতি দিয়া হয়। নগাঁৱৰ জিলাৰ চতুৰ্থ বিদেশী ন্যায়াধিকৰণৰ সদস্য অৰূপ কুমাৰ শৰ্মাই ৪৪০ টা গোচৰৰ ভিতৰত ১৮.৩০ শতাংশ গোচৰ নিষ্পত্তি কৰিবলৈ সক্ষম হৈছে। তেওঁৰ কাৰ্যকালত মাত্ৰ ০.৪৫ শতাংশক বিদেশী ঘোষণা কৰিবলৈ সক্ষম হৈছে। শৰ্মাৰ কামত সন্তুষ্ট নহৈ চাকৰিৰ পৰা অব্যাহতি দিয়া হয়। নগাঁও জিলাৰ ষষ্ঠ বিদেশী ন্যায়াধিকৰণৰ সদস্য মামনি ৰাজকুমাৰীয়ে ৬২১ টা গোচৰৰ ভিতৰত ২৩.০১ শতাংশ গোচৰ নিষ্পত্তি কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৮.০৫ শতাংশ লোকক বিদেশী ঘোষণা কৰিবলৈ সক্ষম হৈছে। ৰাজকুমাৰীৰ পাৰদৰ্শিতাক লৈ সন্তুষ্ট নহয় চাকৰিৰ পৰা অব্যাহতি দিয়া হয়। উক্ত জিলাখনৰ অষ্টম বিদেশী ন্যায়াধিকৰণৰ সদস্য সুব্ৰত ভূঞাই ৪৩৯ টা গোচৰৰ ভিতৰত ১৮.৭৫ শতাংশ গোচৰ নিষ্পত্তি কৰাৰ বিপৰীতে ৯.৭৯ শতাংশ লোকক বিদেশী ঘোষণা কৰিছে। ভূঞাৰ পাৰদৰ্শিতাক লৈ চৰকাৰ সন্তুষ্ট নহয়। সেয়ে চাকৰিৰ পৰা অব্যাহতি দিব পাৰে বুলি উল্লেখ কৰিছে। লখিমপুৰ জিলাৰ দ্বিতীয় বিদেশী ন্যায়াধিকৰণৰ সদস্য ইন্দ্ৰাণী বৰদলৈয়ে ২৭১ টা গোচৰৰ ভিতৰত ৮.১৭ গোচৰ নিষ্পত্তি কৰাৰ বিপৰীতে ৭.৭৫ শতাংশ লোকক বিদেশী ঘোষণা কৰিবলৈ সক্ষম হৈছে। বৰদলৈৰ পাৰদৰ্শিতাক লৈয়ো চৰকাৰ সন্তুষ্ট নহয় আৰু চাকৰিৰ পৰা চাটাই কৰে। চৰকাৰৰ শপতনামাতেই বিদেশী ন্যায়াধিকৰণৰ সদস্যক চাকৰিৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত এনেবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। আনহাতে মধ্যম স্তৰত বিদেশী ঘোষণা কৰা সদস্যসকলক চৰকাৰে একপ্ৰকাৰ মুকলিভাৱে ভাবুকি প্ৰদান কৰিছে। ধুবুৰী জিলাৰ দশম বিদেশী ন্যায়াধিকৰণৰ সদস্য কল্পনা বৰুৱাই ২৪৯ টা গোচৰৰ ভিতৰত ১২.১২ শতাংশ গোচৰ নিষ্পত্তি কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ২৬.৯১ শতাংশ লোকক বিদেশী ঘোষণা কৰিছে। চৰকাৰে আদালতত দাখিল কৰা প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰি ন্যায়াধিকৰণৰ সদস্য কল্পনা বৰুৱাক ভাবুকি দি পাৰদৰ্শিতাক উন্নত কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে। একেদৰে ধুবুৰী জিলাৰ ষষ্ঠ বিদেশী ন্যায়াধিকৰণৰ সদস্য হেমন্ত মহন্তই ৫৭৪ টা গোচৰৰ ভিতৰত ৮.২৩ শতাংশ গোচৰ নিষ্পত্তি কৰিছে। ইয়াৰে ৪১.৬৭ শতাংশক বিদেশী ঘোষণা কৰিছে। মহন্তৰ পাৰদৰ্শিতা সন্দৰ্ভত সকীয়নি প্ৰদান কৰি চৰকাৰে প্ৰতিবেদনত উল্লেখ কৰিছে যে পাৰদৰ্শিতা আৰু অধিক উন্নত কৰাৰ প্ৰয়োজন আছে। গোৱালপাৰা জিলাত পঞ্চম বিদেশী ন্যায়াধিকৰণৰ সদস্য বিভাস বৰ্মনে ৪৬৮ টা গোচৰৰ ভিতৰত ২৮.০২ গোচৰ নিষ্পত্তি কৰাৰ বিপৰীতে ১০.২৬ শতাংশ লোকক বিদেশী ঘোষণা কৰিছে। বিভাস বৰ্মনৰ পাৰদৰ্শিতাক লৈ সন্তুষ্ট নহৈ চৰকাৰে সকীয়নি প্ৰদান কৰি পাৰদৰ্শিতা উন্নত কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে প্ৰতিবেদনত। বৰপেটা জিলাৰ অষ্টম বিদেশী ন্যায়াধিকৰণৰ সদস্য অনুৰূপা দে’ই ৫২৮ টা গোচৰৰ ভিতৰত ২৭.৩২ শতাংশ গোচৰ নিষ্পত্তি কৰাৰ বিপৰীতে ১১.৫৫ শতাংশ লোকক বিদেশী ঘোষণা কৰিছে। চৰকাৰে শপতনামাত সকীয়নি প্ৰদান কৰি এইগৰাকী সদস্যৰ পাৰদৰ্শিতা উন্নত কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে। মূলতঃ এনেদৰে অতি কম সংখ্যক বিদেশী ঘোষণা কৰা সদস্যসকলক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে আৰু মধ্যম স্তৰত বিদেশী ঘোষণা কৰা সদস্যসকলক সকীয়নি প্ৰদান কৰি তেওঁলোকৰ পাৰদৰ্শিতাক উন্নত কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে প্ৰতিবেদনত। আনহাতে চৰকাৰৰ প্ৰতিবেদনত আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। অধিক হাৰত অৰ্থাৎ বৃহৎ সংখ্যক বিদেশী ঘোষণা কৰা সদস্যসকলক পাৰদৰ্শিতা সুন্দৰ বুলি উল্লেখ কৰি তেওঁলোকৰ চাকৰি ম্যাদ বৃদ্ধি কৰিব পৰা যায় বুলি কোৱা হৈছে। সেই অনুসৰি চৰকাৰে আদালতত দাখিল কৰা শপতনামাত উল্লেখ কৰাৰ তথ্য মতে ধুবুৰী জিলাৰ চতুৰ্থ বিদেশী ন্যায়াধিকৰণৰ সদস্য নাৰায়ণ কুমাৰ নাথে ৪৬০ টা গোচৰৰ ভিতৰত ১৫.৮৫ শতাংশ গোচৰ নিষ্পত্তি কৰাৰ বিপৰীতে ৩৪.৫৭ শতাংশ অৰ্থাৎ সৰ্বমুঠ ১৫৯ গৰাকীক বিদেশী ঘোষণা কৰিবলৈ সক্ষম হৈছে। নাথৰ পাৰদৰ্শিতাত চৰকাৰ সন্তুষ্ট আৰু সুন্দৰ বুলি উল্লেখ কৰিছে। চাকৰি বৃদ্ধি কৰিব পাৰি বুলি প্ৰতিবেদনত কোৱা হৈছে। আনহাতে ধুবুৰী জিলাৰ পঞ্চম বিদেশী ন্যায়াধিকৰণৰ সদস্য অভিজিৎ দাসে ৪৪৩ টা গোচৰৰ ভিতৰত ১৫.৩৪ শতাংশ গোচৰ নিষ্পত্তি কৰাৰ বিপৰীতে ৩৯.০৫ শতাংশ অৰ্থাৎ ১৭৩ জনক বিদেশী ঘোষণা কৰিছে। বৃহৎ সংখ্যক লোকক বিদেশী ঘোষণা কৰা দাসৰ পাৰদৰ্শিতা সুন্দৰ বুলি উল্লেখ কৰাৰ লগতে চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰিব পাৰে বুলি কোৱা হৈছে প্ৰতিবেদনৰ জৰিয়তে। উক্ত জিলাখনৰেই সপ্তম বিদেশী ন্যায়াধিকৰণৰ সদস্য নৱ কুমাৰ বৰুৱাই ৭৪.৭৭ শতাংশ লোকক বিদেশী ঘোষণা কৰিবলৈ সক্ষম হৈছে। বৰুৱাৰ পাৰদৰ্শিতা সুন্দৰ বুলি উল্লেখ কৰি চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে। শপতনামাত দিয়া আন এক তথ্য অনুসৰি ধুবুৰী জিলাৰ অষ্টম বিদেশী ন্যায়াধিকৰণৰ সদস্য ধিৰাজ কুমাৰ শইকীয়াই সৰ্বমুঠ ৪১.১৬ শতাংশ লোকক বিদেশী ঘোষণা কৰিবলৈ সক্ষম হৈছে। নৱম বিদেশী ন্যায়াধিকৰণৰ সদস্য জোনমণি বৰুৱাই ২৫.৩৩ শতাংশ লোকক বিদেশী ঘোষণা কৰিবলৈ সক্ষম হৈছে। এই দুয়োগৰাকী সদস্যৰ পাৰদৰ্শিতা সুন্দৰ বুলি উল্লেখ কৰি চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰিব পাৰে বুলি উল্লেখ কৰিছে। মূলতঃ বৃহৎ সংখ্যক লোকক বিদেশী ঘোষণা কৰা বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলৰ পাৰদৰ্শিতা সুন্দৰ বুলি উল্লেখ কৰি তেওঁলোকৰ চাকৰি বৃদ্ধি কৰিব পাৰে বুলি প্ৰতিবেদনত কোৱা হৈছে। ওপৰত উল্লেখিত তথ্যসমূহ কেইটামান উদাহৰণহে মাথোঁ। এনেদৰে চৰকাৰে বিদেশী ন্যায়াধিকৰণৰ সদস্যৰ পাৰদৰ্শিতা সন্দৰ্ভত তিনিটা পৰ্যায়ত প্ৰস্তুত কৰা পাৰদৰ্শিতাৰ তালিকাত এনেদৰে মূল্যায়ন কৰা হৈছে। কম সংখ্যক বিদেশী ঘোষণা কৰা সদস্যসকলক চাটাই কৰা হৈছে আৰু মধ্যম স্তৰত বিদেশী ঘোষণা কৰা সদস্যসকলক সকীয়নি প্ৰদান কৰা হৈছে। একেদৰে বৃহৎসংখ্যক বিদেশী ঘোষণা কৰা সদস্যসকলৰ পাৰদৰ্শিতা সুন্দৰ বুলি উল্লেখ কৰি তেওঁলোকৰ চাকৰি বৃদ্ধি কৰা হৈছে। যি কি নহওক বিদেশী ন্যায়াধিকৰণৰ সদস্যৰ পাৰদৰ্শিতা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমোদনৰ ভিত্তিত চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰিব লাগে যদিও চৰকাৰে একপক্ষীয়ভাৱে হস্তক্ষেপ কৰি এনেদৰে ১৯ গৰাকী সদস্যক চাকৰিৰ পৰা অব্যাহতি দিয়া ’ল বুলি অভিযোগ উঠিছে। চৰকাৰে আদালতত দাখিল কৰা সদস্যৰ পাৰদৰ্শিতা সন্দৰ্ভত প্ৰস্তুত কৰা প্ৰতিবেদনে এতিয়া সকলোৰে চকু কপালত উঠিছে। চৰকাৰে এতিয়া স্বদেশীক বিদেশী কৰাৰ কুটিল ষড়যন্ত্ৰ চলাই থকা বুলি অভিযোগ উঠিছে। বৃহৎসংখ্যক লোকক বিদেশী ঘোষণা কৰিব নোৱাৰিলে চাকৰিৰ পৰা অব্যাহতি দিয়া হ’ব বুলি সকীয়নি প্ৰদান কৰা বিষয়টোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখ্য যে ঊনৈশ গৰাকীকৈ সদস্যক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ পিছতে এইসকল সদস্যই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৪৮৬৮ নম্বৰত এক গোচৰ ৰুজু কৰিছে। উক্ত গোচৰৰ ভিত্তিতেই চৰকাৰে আদালতত দিয়া শপতনামাত চাকৰিৰ পৰা চাটাই কৰা সন্দৰ্ভত এনেবোৰ ভয়াৱহ তথ্য ফাদিল হয়। আনহাতে শপতনামাখনত আন কেতবোৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ পায় যে বিদেশী ন্যায়াধিকৰণৰ সদস্যৰ পাৰদৰ্শিতাৰ প্ৰতিবেদনখন কোনে প্ৰস্তুত কৰিছিল সেই সন্দৰ্ভত কোনো ধৰণৰ তথ্য উল্লেখ নাছিল। বিদেশী ন্যায়াধিকৰণৰ বিচাৰ প্ৰক্ৰিয়াত চলি থকা এনেধৰণৰ বেমেজালি সন্দৰ্ভত ইতিমধ্যে নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা এ কে তালুকদাৰে দেশৰ ৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ অধ্যক্ষ আৰু লোকসভাৰ অধ্যক্ষৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে।

উৎস:গণ অধিকাৰ August 20, 2018

No comments:

Post a Comment

কবিতা

এক অন্ধকাৰ অমানিশা

 বাৰিষাৰ দৰে আহি সিঁচিছিলা বুকুত আশাৰ বীজ, হৃদয়ত প্রতিটো চুকত ফুলি উঠিছিল কহুৱা ফুল৷ লাহে লাহে সপোন বোৰ পাহি মেলিছিল! আশাবোৰ জাগি উঠিছিল প্র...