Tuesday, May 21, 2019

অসমৰ মুছলমান সমস্যা

হােমেন বৰগােহাঞি
ব্রহ্মপুত্র উপত্যকাৰ মুছলমানসকল দুটা স্পষ্ট ভাগত বিভক্ত— থলুৱা খিলঞ্জীয়া মুছলমান আৰু অভিবাসী মুছলমান। খিলঞ্জীয়া মুছলমানসকল আহােমসকলতকৈও বেছি খিলঞ্জীয়া, কাৰণ মুছলমানসকলৰ প্রথম দলটোৰ অসমলৈ আগমন ঘটিছিল আহােমসকলে পূবৰ পৰা আহি অসমত প্ৰৱেশ কৰাৰ বহুত আগতেই। তাৰ পিছত তেওঁলােক কেইবাশতিকা ধৰি অসমলৈ আহি এই দেশৰ স্থায়ী বাসিন্দা হ’লআৰু সামাজিক আৰু সাংস্কৃতিকভাৱে তেওঁলােক স্থানীয় মানুহৰ লগত সম্পূর্ণভাৱে মিলি গ'ল। সম্প্রদায় হিচাপে তেওঁলােকৰ কোনাে সুকীয়া ৰাজনীতি নাই। অসমৰ মুছলমান সমস্যা দেশ স্বাধীন হােৱাৰ আগতে মুছলিম লীগৰ নেতৃত্বত পাকিস্তান প্রতিষ্ঠাৰ যি আন্দোলন চলিছিল সেই আন্দোলনত বহুতাে অসমীয়া মুছলমানেও সক্রিয় অংশ লৈছিল। সক্রিয় অংশ নােলােৱাসকলৰ একাংশই পাকিস্তানৰ দাবীৰ প্রতি নৈতিক সমর্থন আগবঢ়াইছিল। কিন্তু সেইবােৰ কথা এতিয়া অতীত-ইতিহাসৰ বিস্মৃত, অধ্যায় মাত্র। এই প্রসংগতে এই কথা স্মৰণ কৰা প্রয়ােজন যে গণ পৰিষদৰ যি নজন সদস্যই স্বাধীন ভাৰতৰ ধৰ্মনিৰপেক্ষ সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিল সেই জন সদস্যৰ এজন আছিল মুছলিম লীগৰ অপ্রতিদ্বন্দ্বী অসমীয়া নেতা ছাৰ মহম্মদ ছাদুল্লা।
অভিবাসী মুছলমানসকলক আমি এতিয়া অভিবাসী মুছলমান বুলি নকওঁ। সৌ সিদিনালৈকে তেওঁলােকক ন-অসমীয়া মুছলমান বুলি কোৱা হৈছিল। এতিয়া সেইটোও কোৱা নহয়। ধর্মত মুছলমান, জাতিত অসমীয়া তেওঁলােক এতিয়া অসমীয়া মুছলমান। সেই বিষয়ে কাৰাে মনত সন্দেহৰ কোনাে অৱকাশ নাৰাখিবলৈ, বা নিজৰ ‘অসমীয়াত্বক সজোৰে ঘােষণা কৰিবলৈ, তেওঁলােকৰ নেতাসকলে সভা-সমিতিলৈ আহোঁতে ডিঙিত গামােচাখন ল’বলৈ কেতিয়াও নাপাহৰে। খিলঞ্জীয়া অসমীয়াসকলেও কেতিয়াও এই কথা পাহৰি থাকিব নােৱাৰে যে অভিবাসী মুছলমানসকল স্বেচ্ছাই অসমীয়া নােহােৱা হ'লে অসমত অসমীয়া ভাষা কেতিয়াও সংখ্যাগৰিষ্ঠ মানুহৰ ভাষা হৈ। থাকিব নােৱাৰিলেহেঁতেন।
ঊনৈশ শতিকাৰ পৰা অসমলৈ আহিব ধৰা অভিবাসী মুছলমানসকলে স্বেচ্ছাই অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া জাতিৰ অংগীভূত হােৱা সত্ত্বেও খিলঞ্জীয়া অসমীয়া মুছলমানৰ লগত তেওঁলােকৰ এটা ডাঙৰ পার্থক্য ৰৈ গ'ল। সেই পার্থক্যটোৰ একমাত্র বা প্রধান কাৰণ এইটো নহয় যে খিলঞ্জীয়া মুছলমানসকল কেইবাশতিকাৰ আগতে অসমলৈ আহিছিল, আৰু অভিবাসী মুছলমানসকল আহিছে মাত্র যােৱা এশ বছৰত। একেবাৰে খােলাখুলিকৈ ক'বলৈ হলে অভিবাসী মুছলমানসকল অসমৰ এটা জটিল সমস্যাৰূপে পৰিগণিত হােৱাৰ কাৰণটো হ’ল এই যে সংখ্যাৰ জোৰত তেওঁলােক এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক শক্তিত পৰিণত হৈছে, আৰু তেওঁলােকৰ সংখ্যা ক্রমাৎ বাঢ়ি গৈ থকাৰ ফলত তেওঁলােকৰ ক্রমবর্ধমান ৰাজনৈতিক শক্তিকো অসমৰ খিলঞ্জীয়া জনগােষ্ঠীবােৰে | ভয় আৰু সন্দেহৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে। ভয়টো কেৱল এই কাৰণে নহয় যে মুছলমানসকল এদিন অসমত সংখ্যাগৰিষ্ঠ হ’ব। অহা এশ বছৰৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰত কলা মানুহবােৰ সংখ্যাগৰিষ্ঠ হ’ব পাৰে বুলি এটা অনুমান কৰা হৈছে। কিন্তু তেনে এটা সম্ভাৱনাই বগা আমেৰিকানসকলক আতংকিত আৰু নিদ্রাহীন কৰি তােলা নাই, কাৰণ ক'লা আমেৰিকানসকলৰ সংখ্যাগৰিষ্ঠতাই তেওঁলােকৰ মূল্যবােধ আৰু জীৱনধাৰাক প্রত্যাহ্বান জনাব বুলি তেওঁলােকে আশংকা কৰা নাই। কিন্তু অভিবাসী মুছলমানসকলৰ দ্রুত সংখ্যাবৃদ্ধিক অন্যান্য জনগােষ্ঠীবােৰে ভয়ৰ চকুৰে চোৱাৰ প্ৰধান কাৰণটো হ’ল উগ্র মৌলবাদী ইছলামৰ বিশ্ব| বিজয় অভিযান। অভিবাসী মুছলমানৰ সংখ্যাগৰিষ্ঠতাৰ ফলত অসমাে এদিন এই অভিযানৰ অন্যতম লক্ষ্য হৈ উঠিব নেকি?
অসমৰ মুঠ জনসমষ্টিৰ প্রায় ত্রিশ শতাংশ হ’ল মুছলমান। ফ্রান্সৰ মাত্র দহ শতাংশ অধিবাসী অভিবাসী। মুছলমান। কিন্তু অধ্যাপক বার্নার্ড লুইছে ভৱিষ্যদ্বাণী কৰিছে– ‘কৈশ শতিকাৰ শেষলৈ সমগ্র ইউৰােপতে মুছলমানসকল হ’ব সংখ্যাগৰিষ্ঠ। ইউৰােপ হ’ব পশ্চিম আৰব আৰু উত্তৰ-পশ্চিম আফ্রিকাৰ এটা অংশ মাত্র। দহ শতাংশ মুছলমান মাত্র এশ বছৰৰ ভিতৰতে পঞ্চাশ শতাংশতকৈ বেছি কেনেকৈ হ'ব পাৰিব? ফ্রান্স তথা ইউৰােপত মুছলমানৰ দ্রুত সংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ দুটা প্ৰব্ৰজন আৰু অত্যধিক জন্ম-হাৰ। Even if there were no further immigration, which is a pipe dream, birth rates alone will soon drastically alter the balance. Muslims have the highest birth-rate-three times the rate of non-Muslims-of any demographic group in Europe. Child bearing rates among non-Muslim Frenchmen are will below replacement levels. The old French, like the rest of Europe, are literally disappearing. (Time, November 21, 2005). ২০০৫ চনত ফৰাচী তথা ইউৰােপীয়সকলৰ মনত যি ভয় সােমাইছে সেই ভয় অসমীয়াসকলৰ মনত সােমাইছিল যােৱা শতিকাৰ সত্তৰৰ দশকতে। 
সঁচা কথা ক'বলৈ গ'লে তাৰাে বহুত আগতেই। সেই ভয়ৰ বহিঃপ্রকাশ ঘটিছিল বিদেশী খেদা আন্দোলনৰ মাজত। আমি যিবােৰ মানুহে আন্দোলনটোৰ বিৰােধিতা বা সমালােচনা কৰিছিলোঁ তেওঁলােকেও কিন্তু এবাৰাে কোৱা নাছিলোঁ যে সেই ভয় আছিল অমূলক, বা বিদেশী নাগৰিকৰ অবাধ প্ৰব্ৰজনৰ ফলত কোনাে জটিল সমস্যা সৃষ্টি হােৱাৰ আশংকা নাই। আন্দোলনৰ বিৰােধিতা কৰা আন লােকসকলৰ হৈ কথা কোৱাৰ অধিকাৰ মােৰ নাই, কিন্তু ব্যক্তিগতভাৱে মােৰ বিৰােধিতাৰ প্ৰধান কাৰণ আছিল আন্দোলনকাৰীসকলৰ অতি অবাস্তৱ আৰু অযুক্তিকৰ দাবী। তেওঁলােকৰ দাবী আছিল এই যে ১৯৫১ চনৰ পিছত অসমলৈ আহি ইয়াত বাস কৰা সকলাে ‘বিদেশী’ক বহিষ্কাৰ কৰিবই লাগিব। মােৰ বক্তব্য আছিল এই যে সেইটো কৰিবলৈ হ'লে কমপক্ষেও ৪০-৫০ লাখ মানুহক অসম ত্যাগ কৰিবলৈ বাধ্য কৰিব লাগিব, কিন্তু ইমান বিপুলসংখ্যক মানুহক কেৱল ফতােয়া জাৰি কৰি স্থানচ্যুত কৰাৰ বা দেশান্তৰিত কৰাৰ কোনাে উদাহৰণ মানৱজাতিৰ সুদীর্ঘ ইতিহাসত পাবলৈ নাই। অর্থাৎ আন্দোলনকাৰীসকলৰ এই দাবী অতি অবাস্তৱ আৰু ইয়াক কার্যকৰী কৰা কেতিয়াও সম্ভৱ নহয়। সকলাে কথা খৰচি মাৰি বিবেচনা কৰি মই বিদেশী বহিষ্কাৰৰ কাৰণে ১৯৭১ চনৰ ২৫ মার্চ দিনটোক ভিত্তি-বর্ষ কৰাৰ প্ৰস্তাৱ দিছিলো। 
এইবােৰ তর্ক-বিতর্ক মাত্র সৌ সিদিনাৰ কথা। গতিকে কাকো এইবােৰ কথা নতুনকৈ মনত পেলাই দিয়াৰ দৰকাৰ নাই। কিন্তু আন্দোলনৰ উত্তেজনা আৰু আৱেগাতিশয্য শাম কটাৰ ২২ বছৰৰ পিছত এতিয়া কিছুমান কথা শীতল মগজেৰে বিশ্লেষণ কৰি চোৱাৰ প্ৰয়ােজন হৈছে। প্রয়ােজনটো বেছি জৰুৰী কৰি তুলিছে মৌলবাদী ইছলামৰ ক্রমবর্ধমান প্রত্যাহানে, আৰু বাংলাদেশৰ পৰা অবৈধ প্রব্রজন এতিয়াও অব্যাহত হৈ আছে বুলি সর্বসাধাৰণ মানুহৰ মনত বদ্ধমূল হােৱা ধাৰণাই। তথ্য আৰু যুক্তিসহকাৰে মানুহৰ মনৰ পৰা এই ধাৰণা দূৰ কৰিব নােৱাৰিলে একৈশ শতিকাৰ কোনােবা এটা সময়ত যে আকৌ এটা বিদেশী-খেদা আন্দোলন নহ'ব সেই কথা জোৰকৈ ক'ব নােৱাৰি। বিশ্বৰ পৰিৱৰ্তিত পৰিস্থিতিত এনে এটা আন্দোলন সশস্ত্র আৰু হিংসাত্মক হােৱাৰ আশংকাই বেছি। মানৱ-শৰীৰৰ ৰােগৰ নিচিনাকৈ সামাজিক ৰােগৰ ক্ষেত্ৰতাে চিকিৎসাতকৈ প্রতিষেধক ব্যৱস্থা লােৱাটো বেছি সু-বুদ্ধি আৰু দূৰদৰ্শিতাৰ পৰিচায়ক।
"অভিবাসী মুছলমানসকলক সমস্যা বুলি অভিহিত কৰিব লগা হােৱাটো অতি দুর্ভাগ্যৰ কথা। বহু দিশৰ পৰাই তেওঁলােক অসমৰ এটা ডাঙৰ সম্পদ। "
এই কথা বাৰম্বাৰ স্বীকাৰ কৰা হৈছে আৰু ভৱিষ্যতেও কৰা হৈ থাকিব যে অসমত অসমীয়াভাষী মানুহৰ সংখ্যা বৃদ্ধি কৰি তােলাত তেওঁলােকৰ অৱদানেই আটাইতকৈ বেছি। ঠিক সেইদৰে তেওঁলােকে অসমৰ কৃষি-অর্থনীতিক শক্তিশালী কৰাৰ উপৰি বিপুল শ্রমশক্তিৰ যােগান ধৰি সামগ্রিকভাৱে ৰাজ্যখনৰ অর্থনীতিকো টনকিয়াল কৰিছে। কিন্তু তৎসত্ত্বেও আংশিকভাৱে এটা জটিল সমস্যা হৈ। থকাৰ প্ৰধান কাৰণ তিনিটা— (১) ৰাজ্যখনৰ অন্যান্য জনগােষ্ঠীৰ তুলনাত তেওঁলােকৰ দ্রুত সংখ্যা বৃদ্ধি, (২) বাংলাদেশৰ পৰা হৈ থকা অবৈধ প্রব্রজন (৩) এই দুয়ােটা ঘটনাৰ সন্মিলিত পৰিণামত এতিয়া নহ'লেও এশ বছৰৰ পিছত অসম এখন মৌলবাদী ইছলামিক ৰাষ্ট্ৰত পৰিণত হােৱাৰ আশংকা। ফ্রান্সৰ মাত্র দহ শতাংশ মুছলমান যদি এশ বছৰৰ পিছত সেই দেশৰ সংখ্যাগৰিষ্ঠ সম্প্রদায়ত পৰিণত হ'ব পাৰে, সেই একে সময়ৰ ভিতৰতে অসমৰ ত্রিশ শতাংশ মুছলমান অসমৰ মুঠ জনসমষ্টিৰ ষাঠি বা সত্তৰ শতাংশ হ’ব নােৱাৰিব কিয়? যদি এই ভয়টো অসমৰ অমুছলমানসকলৰ মনৰ কিমান দলৈকে শিপাইছে সেই কথা অনুভৱ কৰিবলৈ মােৰ মতে মাত্ৰ এটা উদাহৰণেই যথেষ্ট। আশীৰ দশকৰ বিদেশী খেদা আন্দোলনত বিভিন্ন ধৰণৰ মানুহে যােগ দিছিল। তেওঁলােকৰ সকলােৰে উদ্দেশ্য একেই আছিল বুলি ক'ব নােৱাৰি। বহুতৰে নিজা নিজা গােপন এজেণ্ডা বা কার্যসুচী আছিল। সেই গােটেইবােৰ কথা বিশ্লেষণ কৰিবলৈ ইয়াত ঠাই নহ'ব। কিন্তু অসম আন্দোলনত সক্রিয় অংশ লােৱা সকলাে মানুহৰ ভিতৰত মই যেতিয়া বিশেষভাৱে দুজন মানুহৰ কথা চিন্তা কৰে, তেতিয়া মই এই সিদ্ধান্তলৈ নহাকৈ থাকিব নােৱাৰোঁ যে অদূৰ ভৱিষ্যতত এদিন নহয় এদিন অসমত হিন্দুসকল আৰু খিলঞ্জীয়া। অসমীয়াভাষী লােকসকল সংখ্যালঘুত পৰিণত হােৱাৰ নিশ্চিত সম্ভাৱনাই অসমৰ আটাইতকৈ উদাৰ মানৱতাবাদী বুদ্ধিজীৱীসকলকো গভীৰভাৱে বিচলিত কৰি তুলিছে। এই মানুহ দুজন হ’ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য আৰু বিনয় কুমাৰ তামুলী। কোনােধৰণৰ বৈষয়িক উচ্চাকাংক্ষা নথকা এই দুয়ােজন মানুহেই আছিল সকলাে ধৰণৰ সাম্প্রদায়িক মনােভাব আৰু ভেদ-বুদ্ধিৰ পৰা মুক্ত। গণ উন্মাদনাৰ বশৱৰ্তী হৈ কাম কৰা মানুহাে তেওঁলােক নাছিল। তেন্তে কি ভয় বা আশংকাৰ তাড়নাত তেওঁলােকৰ নিচিনা মানুহাে হৈ পৰিছিল বিদেশী খেদা আন্দোলনৰ তাত্ত্বিক বা প্রবক্তা ?
অতি ভয়ৰ কথা এইটো যে অসমৰ বহুতাে মানুহৰ মনত এই ভয়টো ক্ৰমাৎ বৃদ্ধি পাইছে। ভয়টো অমূলক। বুলি উৰাই নিদি বা তাৰ উল্লেখ কেৱল বাতৰিকাকতৰ চাঞ্চল্যকৰ শিৰােনামতে সীমাবদ্ধ হৈ থাকিবলৈ নিদি এই ভয়ৰ কাৰণ নােহােৱা কৰিবলৈ সংশ্লিষ্ট সকলাে পক্ষই, মুছলমান নেতাসকলেও সর্বপ্রকাৰে চেষ্টা চলােৱা উচিত। এইক্ষেত্ৰত চৰকাৰৰ দায়িত্বই আটাইতকৈ বেছি। বিদেশী চিনাক্ত কৰি বহিষ্কাৰ কৰিবলৈ আৰু সম্ভাব্য অনুপ্ৰৱেশ ৰােধ কৰিবলৈ চৰকাৰে এতিয়াতকৈ বেছি আন্তৰিকভাৱে কাম কৰিব লাগিব। প্রয়ােজন সাপেক্ষে অন্তর্বর্তীকালীন লােকপিয়লৰ ব্যৱস্থাও কৰিব লাগিব।
সংগ্ৰহ : নিয়মীয়া বাৰ্তা

No comments:

Post a Comment

কবিতা

এক অন্ধকাৰ অমানিশা

 বাৰিষাৰ দৰে আহি সিঁচিছিলা বুকুত আশাৰ বীজ, হৃদয়ত প্রতিটো চুকত ফুলি উঠিছিল কহুৱা ফুল৷ লাহে লাহে সপোন বোৰ পাহি মেলিছিল! আশাবোৰ জাগি উঠিছিল প্র...