Thursday, May 23, 2019

বৰপেটাৰ দৃশ্যপট পৰিৱৰ্তনঃ আব্দুল খালেকৰ বিজয়

 অসমত তথা সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছ দলৰ বিপৰ্য্যয়ৰ অৱস্থা চলি থকা সময়তে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বৰপেটা লোকসভা সমষ্টিৰ ফলাফলে৷ ভোট গণনাৰ প্ৰথম পৰ্যায়ৰ পৰা পিছপৰি থকা কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকে আচৰিত ধৰণে দৃশ্যপট সলনি কৰিবলৈ সক্ষম হৈছে৷তেওঁৰ নিকটতম প্রতিদন্ধী অগপ-বিজেপিৰ মিত্রজোটৰ প্রার্থী কুমাৰ দীপক দাসতকৈ ১,৪০,৩০৭ ভোটৰ ব্যৱদানত মুঠ ৬,৪৫,১৭৩ টা ভোট লাভ কৰি বিজয়ী হৈছে৷বিগত সময় চোৱাত এ আই ইউ ডি এফৰ দখলত থকা বৰপেটা লোকসভা সমষ্টি এইবাৰ কিন্তু কংগ্রেছ দলে অভুতপূর্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ গোটেই দেশত মোডীৰ চুনামী অব্যাহত থকাৰ সময়তো এই চুনামীৰ প্রভাৱ নপৰিল সন্মানীয় বৰপেটা লোকসভা সমষ্টিত৷নির্বাচন সমাপ্ত হোৱাৰ পিছৰে পৰা যতেষ্ট আত্মবিশ্বাসী হৈ থকা কংগ্রেছ প্রার্থীগৰাকীয়ে আজি বিজয় সাব্যস্ত কৰাৰ পিছতে  সাংবাদিকক জনায়-'এই বিজয় ৰাইজৰ বিজয়৷উন্নয়ন,সংগ্রাম আৰু সমন্বয়ৰ বাবে বৰপেটা সমষ্টিবাসীয়ে কংগ্রেছ দলক ভোট দিয়া বুলি খালেকে কয়৷বৰপেটা লোকসভা সমষ্টিৰ হিন্দু আৰু মুছলমান তেওঁক জয়ী কৰোৱা বুলিও তেওঁ কয়৷নিৰ্বাচনৰ সময়ত বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে প্ৰতিষ্ঠিত কৰোৱাত সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভত খালেকে কয় যে বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে স্বীকৃতি দিয়াৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাব । একেদৰে বৰপেটা চহৰক ৰে’লৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবেও চেষ্টা চলাব বুলি তেওঁ মন্তব্য কৰে । বৰপেটা লোকসভা সমষ্টিটো বান-গৰাখহনীয়াৰ লগতে কৃষকৰ সমস্যা, নিবনুৱা সমস্যা, ডি-ভোটাৰৰ সমস্যা অন্যতম বুলি উল্লেখ কৰি এই সমস্যাবোৰ সমাধান কৰাৰ বাবে সদনত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলিও কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থী আব্দুল খালেকে মন্তব্য কৰে। উল্লেখ্য যে বৰপেটা লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে ।এইক্ষেত্ৰত এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকৰ জয়ত বাধাৰ সৃষ্টি কৰিব নেকি তাক লৈ কংগ্ৰেছ শিবিৰ কিছু পৰিমাণে চিন্তিত হৈছিল যদিও তেনে চিন্তাৰ ওৰ পেলাই আজি শেষ হাঁহি মাৰিবলৈ সক্ষম হয় আব্দুল খালেক । উল্লেখ্য যে ৬ নং বৰপেটা লোকসভা সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস, কংগ্ৰেছৰ আব্দুল খালেক, এ আই ইউ ডি এফৰ হাফিজ ৰফিকুল ইছলামৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব বুলি সচেতন ৰাইজে সম্ভাৱনা ব্যক্ত কৰিছিল যদিও ভোট গণনাৰ পিছত কংগ্রেছৰপ্রার্থী আব্দুল খালেকে মিত্রজোটৰ প্রার্থী কুমাৰ দীপক দাসক পৰাস্ত কৰি কংগ্রেছ দলৰ সন্মান ৰক্ষা কৰিবলৈ সক্ষম হয়৷
'লেখক:ৰাজিদুল ইছলাম,ডিমাপুৰ,কলগাছিয়া

No comments:

Post a Comment

কবিতা

এক অন্ধকাৰ অমানিশা

 বাৰিষাৰ দৰে আহি সিঁচিছিলা বুকুত আশাৰ বীজ, হৃদয়ত প্রতিটো চুকত ফুলি উঠিছিল কহুৱা ফুল৷ লাহে লাহে সপোন বোৰ পাহি মেলিছিল! আশাবোৰ জাগি উঠিছিল প্র...