Saturday, May 25, 2019

অসমৰ জ্বলন্ত সমস্যাৰ বলিষ্ঠ পদক্ষেপ আৰু আব্দুল খালেক

ডেৰ লাখ ভোট প্ৰদান কৰি মোক জনীয়াৰ ৰাইজে সাংসদ হোৱাৰ পথ মুকলি কৰিব এই মন্তব্য মোৰ নহয়৷এই মন্তব্য কৰিছিল জণীয়াৰ বিধায়ক তথা বৰপেটাৰ নৱনির্বাচিত সাংসদ আব্দুল খালেকে সৌ সিদিনা কলগাছিয়াৰ উদমাৰীৰ বি এড কলেজত আয়োজন কৰা সম্বৰ্ধনা সভাত উপস্থিত থাকি এইদৰে মন্তব্য কৰিছিল আব্দুল খালেকে । আজি তেওঁৰ ভৱিষ্যত বানী সত্য বুলি প্রমানিত হ'ল৷২০০৬ চনত জনিয়াৰ ৰাইজে তেখেতক বিধায়ক হিচিপে নির্বাচিত কৰিছিল ৷তাৰ পিছত ২০১৬চনত অসম বিধানসভাত আকৌ নির্বাচিত হৈছিল৷ৰাইজৰ প্রতিটো সমস্যাৰ লগত মাত মতা বাবেই যে তেখেতক বিপুল সহাৰি দিছে নুই কৰিব নোৱাৰি৷ ইফালে তেওঁ বিধায়ক থকা বাবেই বেকী, মানাহ নদীৰ ওপৰত ৩ খন দলঙৰ কাম সমাপ্ত হোৱাৰ লগতে বিকল্প ৰাজ্যিক পথৰ কাম আৰম্ভ হৈছে৷ লগতে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয় স্থাপন কৰাৰ কথাও বৰ্ণনা কৰি নুই কৰিব নোৱাৰি৷এই বেলিও ৩ বছৰীয়া কাৰ্য্যকালত জনীয়া সমষ্টিৰ ৰাস্তা ঘাট নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে। তেও যে কথা দি কথা ৰখা মানুহ। যাৰ ফলত জনীয়াবাসী ৰাইজে যোৱা ২০১৬ অসম বিধানসভা নিৰ্বাচনত ৮৬, ৯৩০ টা ভোট প্ৰদান কৰি নির্বাচিত কৰিছিল। 

এই বেলিও সাংসদ নির্বাচিত হৈ বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে প্ৰতিষ্ঠা কৰাত প্ৰথম অগ্ৰাধিকাৰ দিব বুলিও কংগ্ৰেছ কৰ্মীসকলক তেওঁ প্ৰতিশ্ৰুতি দিয়ে । ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত আব্দুল খালেকে কয় যে উন্নয়ন, সংগ্ৰাম আৰু সমন্বয়ৰ বাবে বৰপেটা সমষ্টিবাসীয়ে কংগ্ৰেছ দলৰ সপক্ষে ৰায়দান দিছে । সাংসদ হিচাপে প্ৰথম কাম কি কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত খালেকে কয় যে বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে প্ৰতিষ্ঠিত কৰোৱাটো তেওঁৰ প্ৰথম কাম। ইয়াৰ বাবে তেওঁ সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই যাব বুলি মন্তব্য কৰে ।বৰপেটা চহৰক ৰে’লৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে সদনত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলিও তেওঁ কয় । বৰপেটা লোকসভা সমষ্টিটো বান-গৰাখহনীয়াৰ লগতে কৃষকৰ সমস্যা, নিবনুৱা সমস্যা, ডি-ভোটাৰৰ সমস্যা অন্যতম বুলি উল্লেখ কৰি এই সমস্যাবোৰ সমাধান কৰাৰ বাবে সদনত সৰ্বতোপ্ৰকাৰে চেষ্টা চলাব বুলিও কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত সাংসদগৰাকীয়ে কয়৷ইফালে আব্দুল খালেকৰ বিজয়ী হোৱাত বৰপেটা জিলা নিৰ্বাচনী নডেল বিষয়া তথা জিলা উপায়ুক্ত মুনিন্দ্ৰ শৰ্মাৰ লগতে ৰাজীৱ ভৱনত বিপুল আদৰণি জনায় নৱনিৰ্বাচিত সাংসদগৰাকীক । বৰপেটা চহৰৰ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছ কৰ্মীসকলে ফটকা ফুটুওৱাৰ লগতে কংগ্ৰেছ কৰ্মীসকলে তাল বজাই সমদল কৰি ৰাজীৱ ভৱনলৈ আদৰি আনে আব্দুল খালেকক।ৰাজীৱ ভৱনতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছৰ নেতাসকলে আব্দুল খালেকক ফুলাম গামোচা, শৰাই আদিৰে আদৰণি জনায় । মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দলৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীসকলেও নৱ নিৰ্বাচিত সাংসদগৰাকীক আদৰণি জনায়। কৰ্মীসকলক উদ্দেশ্যি আব্দুল খালেকে কয়- ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি দলৰ কথা ভাবিব লাগিব। সৰ্বভাৰতীয় স্তৰত কংগ্ৰেছৰ বিপৰ্যয়ৰ বাবে কৰ্মীসকলক হতাশ নহ’বলৈও তেওঁ আহ্বান জনায়।

লেখক:ৰাজিদুল ইছলাম,কলগাছিয়া ফোন নং:৮৪৭২০৩৩৭৩৪


No comments:

Post a Comment

কবিতা

এক অন্ধকাৰ অমানিশা

 বাৰিষাৰ দৰে আহি সিঁচিছিলা বুকুত আশাৰ বীজ, হৃদয়ত প্রতিটো চুকত ফুলি উঠিছিল কহুৱা ফুল৷ লাহে লাহে সপোন বোৰ পাহি মেলিছিল! আশাবোৰ জাগি উঠিছিল প্র...