Tuesday, May 21, 2019

এন আৰ চিৰ নামত ৰাইজক কৰা হাৰাশাস্তি বন্ধৰ দাবীত এবিএমছুৰ  অৱস্থান ধৰ্মঘট





আৰিফ আহমেদ, তামুলপুৰঃ এন আৰ চি আপত্তিৰ নামত ৰাইজক কৰা হাৰাশাস্তি বন্ধ কৰা আৰু অসমত এখন শুদ্ধ আৰু বিদেশী মুক্ত এন আৰ চি প্ৰস্তুত কৰাৰ দাবীত আজি তামুলপুৰত এবিএমছুৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়। তামুলপুৰ জিলা এবিএমছুৰ উদ্যোগত তামুলপুৰ ঘগ্ৰাচক বাকৰিত পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলে এন আৰ চি ৰ নামত অত্যাচাৰ নচলিব, বিদেশীৰ নামত স্বদেশীক কৰা হাৰাশাস্তি বন্ধ কৰক, আমাক এখন শুদ্ধ এন আৰ চি লাগিবই, এন আৰ চি আপত্তিৰ নামত হাৰাশাস্তি বন্ধ কৰক, ভুৱা আপত্তিকাৰী গো বেক, এই সংগ্ৰাম চলিছে চলিবই, অসম চৰকাৰ মিচলীয়া, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মূর্দাবাদ, হাগ্ৰামা মহিলাৰী লেই লেই চেই চেই, সৰ্বানন্দৰ হিটলাৰী শাসন বন্ধ কৰক, ভুৱা আপত্তিকাৰীক জীয়াই জীয়াই কবৰ দিয়ক, অসম চৰকাৰ গো বেক, উই ৱান্ট জাষ্টিছ, আদি ধ্বনিৰে তামুলপুৰৰ আকাশ বতাহ কঁপাই তোলে। আজিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত তামুলপুৰ জিলা এবিএমছুৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ লগতে ‌বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন, আদিবাসী ছাত্ৰ সন্থা আদি সংগঠনে অংশগ্ৰহণ কৰে। কাৰ্যসুচীৰ অন্তত তামুলপুৰ জিলা এবিএমছুৰ সভাপতি টাইচন হুছেইনৰ নেতৃত্বত এটা সজাতি দলে তামুলপুৰ মহকুমা প্ৰশাসনৰ সহকাৰী  আয়ুক্ত হৃদয় কুমাৰ  দাসৰ  হাতত  শুনানী গ্ৰহন কৰা কেন্দ্ৰ সমুহত খোৱা পানী যোগান ধৰা, টয়লেটৰ ব্যৱস্থা কৰা, নিৰাপত্তা সুনিশ্চিত কৰা, উচ্চতম ন্যায়ালয়ে ধৰি দিয়া গাইড লাইন মানি চলাকে ধৰি মুঠ আঠোটা দাবী সম্বলীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

No comments:

Post a Comment

কবিতা

এক অন্ধকাৰ অমানিশা

 বাৰিষাৰ দৰে আহি সিঁচিছিলা বুকুত আশাৰ বীজ, হৃদয়ত প্রতিটো চুকত ফুলি উঠিছিল কহুৱা ফুল৷ লাহে লাহে সপোন বোৰ পাহি মেলিছিল! আশাবোৰ জাগি উঠিছিল প্র...