Sunday, May 26, 2019

মুছলমানৰ সমালোচনাই ভাৰতীয় জনতা পার্টীৰ উথ্বান

আজিৰ পৰা এবছৰ আগতে ভাৰতৰ প্রখ্যাত সাংবাদিক ৰবিশ কুমাৰে মুছলমান সকলৰ উদ্দেশ্যে এটি বার্তা দিছিল। সেই বার্তা জাতীয় স্তৰৰ মিডিয়াতো প্রকাশিত হৈছিল ৷ এই খবৰটো ছচিয়েল মিডিয়াতো ভাইৰেল হৈছিল। সাংবাদিকজনে মুছলমানসকলৰ ওচৰত কৰা আহ্বানটোৰ প্ৰাসংগিকতা উপলব্ধি কৰি আকৌ আপোনালোকলৈ আগবঢ়ালোঁ-

       "আপোনালোকে বিজেপি আৰু আৰএছএছক সমালোচনা কৰা বন্ধ কৰক। আপোনালোকৰ সমালোচনা আৰু বিৰোধিতাই দৰাচলতে সিহঁতক শক্তি যোগাইছে । যিসকল মুছলিম প্ৰত্যাশী নির্বাচনত আসন জিকিব বিচাৰে সিহঁতৰ যুঁজ হব বিজেপি আৰু আৰ এছ এছৰ বিৰুদ্ধে। আপোনালোকৰ বিৰোধিতাৰ ফলতে বিজেপিয়ে মাত্র ১৮% মুছলিমৰ বিৰুদ্ধে হিন্দুসকলৰ মাজত ভয়ৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে । সেই ভয়টোকে মূূূলধন কৰি বিজেপিয়ে ৮০% হিন্দু ভোট টানিবলৈ সক্ষম হৈ আহিছে। অথচ এই নির্বাচনী খেলটোৰ নিয়ন্ত্রক হল মাত্র ৩% ভোট! আপোনালোকে যি দলকে পছন্দ কৰে সেই দলকে ভোট দিয়ক, কিন্তু কেতিয়াও সৰৱে বিৰোধিতা নকৰিব বিজেপি, আৰ এছ এছ তথা মোদিৰ। আপোনালোকে পাহৰি যাওক বা পাহৰি যোৱাৰ চেষ্টা কৰক আৰ এছ এছ নামক সংগঠনৰ অস্তিত্ব। আপোনালোকে পাহৰি যাওক বা পাহৰি যোৱাৰ চেষ্টা কৰক বিজেপি নামক পার্টিৰ অস্তিত্ব। আপোনালোকে পাহৰি যাওক বা পাহৰি যোৱাৰ চেষ্টা কৰক মোদি নামক কোন ৰাজনৈতিক নেতাৰ অস্তিত্ব।
        যি ধৰণৰ সমালোচনা আৰু বিৰোধিতা আপোনালোকে কৰি আছে, সেইটো যদি অনুৰূপ চলি থাকে তেনেহলে দ্রুত কেইবছৰমানৰ ভিতৰতে মুছলিমসকল ৰাজনৈতিকভাবে অস্পৃশ্য হৈ যাব ভাৰতত। তেতিয়া কংগ্রেছ, JP, SP বা BSP, কোনো দলৰ ওচৰতেই আপোনালোকৰ কোনো ৰাজনৈতিক মূল্য নাথাকিব। MIM অথবা Owaisi, যাক আপোনালোকে সমর্থন কৰিছে বা কৰাৰ কথা ভাবিছে, তেওঁলোক কেৱল তেতিয়ালৈকেহে নিৰ্ব্বাচনত অৱতীৰ্ণ হ'ব পাৰিব যেতিয়ালৈকে বিজেপিয়ে চাব যে এওঁলোকৰ দ্বাৰা বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য সাধন হৈ আছে,,,,, যিদিনাখন এওঁলোকৰ প্রয়োজন শেষ হৈ যাব বিজেপিয়ে সিদিনাখনেই এওঁলোকক নিষিদ্ধ ঘোষণা কৰি দিব বা ধ্বংস কৰি দিব ৷ ঠিক যিদৰে কৰা হৈছে স্বাধীনতাৰ পিছত প্রথম ৩০-৪০ বছৰত।
        আপোনালোকৰ অধিকাংশই আধুনিক শিক্ষা আৰু টেকনোল'জিৰ প্রতি মনোযোগ দিয়ক, যাতে সংৰক্ষণ নোহোৱাকৈয়ে মুছলমান সকলে যোগ্যতা আৰু দক্ষতাৰ বলত চৰকাৰী চাকৰিত বহাল হ'ব পাৰে । স্বাধীনতাৰ আগতে মুছলিম জনসংখ্যা আছিল ৩৫% আৰু চৰকাৰী চাকৰিতো আছিল ৩৫%,,,,, সেই সময়ত কোনো সংৰক্ষণ নাছিল,,, যিসকলে জাকাত আৰু চদকা দি আছে ধর্মীয় সংস্থাবোৰত, তেওঁলোকৰ ওচৰত অনুৰোধ, তেওঁলোকে যাতে দান-বৰঙনি আগবঢ়ায় সেইবোৰ প্রতিষ্ঠানত যিবোৰে মুছলিমসকলক মূলধাৰাৰ শিক্ষা আৰু কর্মসংস্থান দিয়াৰ বাবে চেষ্টা কৰিছে। যদি এনে ধৰণৰ কোনো সংস্থা নাথাকে তেনেহলে অতি শীঘ্রে স্থাপন কৰক।
      মনত ৰাখিব, এই যুগটো প্রতিযোগিতামূলক আৰু আপোনালোক সকলো ক্ষেত্রতে পিছ পৰি আছে,,,, চৰকাৰী সাহায্য বা অনুদানৰ উপৰত নির্ভৰ নকৰিব। কাৰণ কোনো চৰকাৰেই মুছলমান সকলৰ বাবে একো কৰা নাই আৰু কোনোদিনে নকৰিব। মুছলমান সকলে নিজেই চেষ্টা কৰিব লাগিব। বাকীখিনি ঈশ্বৰে কৰিব।

লেখক:জাহিদুল ইছলাম মির্ধা
উৎস:https://m.facebook.com/profile.php?id=100003214059432&ref=content_filter

Saturday, May 25, 2019

শিশুৰ অধিকাৰ সুৰক্ষা আইন আৰু প্ৰাসংগিক চিন্তা

শিশু হৈছে দেশৰ অমূল্য সম্পদ – ভৱিষ্যত সমাজৰ গুৰি ধৰোতা। অফুৰন্ত মৰম-চেনেহ, আদৰ-যত্ন, উপযুক্ত তদাৰক, উপযুক্ত শিক্ষা, পথ-নিৰ্দেশনা আদিৰ দ্বাৰা একো একোজন শিশু প্ৰকৃত মানৱ সম্পদলৈ ৰূপান্তৰিত হয় আৰু দেশ তথা জাতিৰ হকে সেৱা আগবঢ়াই উজ্বলি উঠে। এক কথাত জন্ম লাভ কৰা শিশুটোৱে সময়ত বয়সপ্ৰাপ্ত হৈ একো একোজন উপযুক্ত নাগৰিক হিচাপে প্ৰতিষ্ঠিত হোৱাৰ লগতে সমাজৰ নানান সেৱা আগবঢ়াবলৈ, দেশ পৰিচালনাৰ গুৰি ব’ঠা ধৰিবলৈ অথবা আন্তজাৰ্তিক ক্ষেত্ৰত নিজৰ যোগ্যতা প্ৰমাণ কৰিবলৈ সÊক্ষম হৈ উঠে। সেয়ে শিশু সকলক কোৱা হয় মানৱ জাতিৰ অমূল্য সম্পদ। সেই গুণেই দেশ আৰু জাতিয়ে দিব পৰা সকলো ভালখিনি তেওঁলোকৰ প্ৰাপ্য হোৱা উচিত। শিশুৰ হাঁহিতেই ফুলে সৰগৰ পাৰিজাত। পৃথিৱীৰ সকলো দেশৰ সকলো জাতিৰ শিশুসকলৰ আধাফুটা মাত, থুনুক-থানাক খোজ, হাঁহি-ধেমালি, ঠেহ-পেচ এই সকলোবিলাকে উপচাই তোলে সৰগৰ অমৃত ধাৰা। শিশুৱে বুজি নাপাই হিংসা-খেয়াল, ঠগবাজ, চল-চাতুৰী, কপততা, সংকীৰ্ণতা আদি। সিহঁতে ভাল পায় সুন্দৰতাক, শিশুৰ মুখৰ অনাবিল হাঁহিত উপচি থাকে অনাবিল পৱিত্ৰতা। সেয়ে হয়তু শিশুক কোৱা হয় ‘দেৱশিশু’। এই দেৱশিশুয়েই কল-কলকৈ বাঢ়ি গৈ ক্ৰমান্বয়ে শৈশৱ-কৈশোৰ আৰু ডেকাকালত ভৰি দিয়ে আৰু উপযুক্ত মানৱ-সম্পদ হিচাপে জিলিকি উঠি দেশৰ ভোটাতৰাত পৰিণত হয়গৈ।


এনে নিস্কলুষ সাৰল্যৰে পৰিপূৰ্ণ হাঁহি-ধেমালি, মাত-কথাৰে পৃথিৱীখন ধুনীয়া কৰি ৰখা এই শিশুসকলৰ শৈশৱৰ সোণালী দিনবোৰ সকলোৰে ক্ষেত্ৰত জানো সুখময় হৈছে দৰাচলতে বহু শিশু উপযুক্তভাৱে প্ৰতিপালিত হোৱা নাই, যিটো বিষয় সাম্প্ৰতিক সময়ত দুখজনক বিষয়ত পৰিণত হৈছে। বিভিন্ন কাৰণত বহুসংখ্যক শিশু শৈশৱতে নানান সমস্যাৰ মাজত জীয়াই থাকিবলগা হৈছে। যি সময়ত পিতৃ-মাতৃৰ মৰমৰ আৱেষ্টনীৰ মাজত থাকিব লাগে, সমনীয়াৰ লগত খেলা-ধুলা কৰিব লাগে, স্কুললৈ গৈ পাঠ আওঁৰাব লাগে সেই সময়ত এচাম শিশুৱে পেটৰ তাড়নাত কঠোৰ শ্ৰম কৰিব লগা হৈছে। আকোঁৱালি ল’ব লগা হৈছে সীমাহীন দুখ-যন্ত্ৰণাক। আজি এটা সুলভ দৃশ্য সকলোতে দেখা পোৱা যায় যে অনেক শিশুৱে কান্ধত একোটা বস্তা লৈ ৰাস্তাৰ কাষৰ পেলনীয়া বটল, টিং, প্লাষ্টিক, গ্লাছ, টেমা আদি বুটলি ফুৰিছে। হোটেলত বাচন ধুইছে, চকী টেবুল চাফা কৰিছে, সকলো গ্ৰাহককে সুন্দৰ সুন্দৰ মিঠাই দিছে, মাছ-মাংস আদি বিভিন্ন উপকৰণৰে বনোৱা খাদ্য টেবুলত সজাই দিছে অথচ নিজে খোৱাৰ সুযোগ পোৱা নাই, পথৰ কাষত জোতা চাফা-ৰং কৰিছে, কোনোবা ইটাভাটাত ইটা বনোৱা, ইটা কঢ়িওৱাৰ দৰে কঠোৰ শ্ৰম কৰিছে, বাছ-ট্ৰেকাৰ, চিটিবাছ, মেজিক আদিৰ হেণ্ডিমেনৰ কাম কৰিছে অথবা কোনো লোকৰ ঘৰত বনকৰা ল’ৰা-ছোৱালী হিচাপে থাকি ঘৰ-সৰা, মচা, বাচন বৰ্তন, কাপোৰ-কানি ধোৱা, একে বয়সৰে মালিকৰ সন্তানসকলক অন্তৰৰ ভিতৰতে নিজৰ দুৰ্ভাগ্যৰ কথা সুঁৱৰি চকুপানী টুকি-টুকি স্কুললৈ অনা-নিয়া কৰিছে। মজিয়াৰ এচুকত বহি কৰলিয়াকৈ ভাত খাই জীৱন নিৰ্বাহ কৰিছে। বহুক্ষেত্ৰত খাদ্য, মৰম,  স্বাধীনতা, শিক্ষা আদিৰ পৰা বঞ্চিত, অৱহেলিত এনে শিশুসকল এটা সময়ত বিভিন্ন অ-সামাজিক কাৰ্যকলাপত লিপ্ত হৈ পৰাও দেখা পোৱা যায়। সদা-সৰ্বদা দেখি অহা এই দৃশ্যসমূহৰ অৱসান কেতিয়া হ’ব, সকলো শিশুৱে প্ৰাপ্য অধিকাৰ, প্ৰাপ্য সুবিধা কেতিয়া লাভ কৰিব, সকলো শিশুৱেই একে মৰমলগা হাঁহি কেতিয়া মাৰিবলৈ পাব সেয়া এক ডাঙৰ প্ৰশ্ন।

দেখা গৈছে, বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহে নিজ-নিজ দেশৰ শিশুসকলৰ শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত বিজ্ঞানসন্মত সু-ব্যৱস্থা গ্ৰহণৰে বিভিন্নধৰণৰ কল্যাণমূলক কাৰ্যসূচী লৈ শিশু-সকললৈ আৰ্থিক সাহাৰ্য আগবঢ়াইছে, উন্নত সা-সুবিধা প্ৰদান কৰিছে। যাৰ বাবে তেনে দেশৰ শিশুৱে আধুনিক জগতৰ শিশুৰ বাবে প্ৰয়োজনীয় সকলো সুযোগ আৰু সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে তৃতীয় বিশ্ব অথবা দুখীয়া দেশসমূহত শিশুসকলে শৈশৱকালৰ ৰং-ধেমালিৰ পৰিৱৰ্তে সংগী কৰি ল’বলগীয়া হৈছে সীমাহীন দুখ-যন্ত্ৰণাক। আমাৰ দেশ ভাৰতবৰ্ষৰ দুখীয়া শ্ৰেণীৰ লোকৰ শিশুসকলৰ কল্যাণ-সাধন কিমানদূৰ সম্ভৱ হৈছে, সেইটোও ভাবিবলগীয়া। দৰাচলতে শিশুৰ কল্যাণৰ অৰ্থে আমাৰ দেশৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সেই আঁচনি আৰু পৰিকল্পনা সফলভাৱে ৰূপায়িত হ’বলৈ এতিয়াও বহুখিনি বাকী আছে। সাধাৰণতে আৰ্থিকভাৱে দুৰ্বল শিশুসকলে বিভিন্ন সমস্যা যেনে – অপৰিপুষ্টি, স্বাস্থ্যৰ যতন নোপোৱা, বিভিন্ন ৰোগত ৰোগাক্ৰান্ত হোৱা, শ্ৰমিক হ’বলৈ বাধ্য হোৱা, লিংগ বৈষম্য, বৰ্ণ-বৈষম্য, জাতি-ধৰ্মৰ বৈষম্য আদি দিশৰ বলি হ’ব লগীয়া হয়। তাৰোপৰি বহু শিশু শাৰীৰিক, মানসিক, যৌন শোষণৰ বলি হয়। শিশুৰ ওপৰত চলা এনে দুবৰ্্যৱহাৰ আৰু নিৰ্যাতন জন্মঘৰ, স্কুল, হোষ্টেল, শিশুগৃহ, ৰাজহুৱা স্থান আদি সকলোতে যে চলে সেয়া কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনত চলা সমীক্ষাতেই প্ৰকাশ পাইছিল। যিটো দেশৰ ভৱিষ্যত বুলি গণ্য কৰি অহা আমাৰ দেশৰ শিশুৰ দুখজনক প্ৰতিচ্ছবি হিচাপে বিবেচিত হৈছে।

বিশ্বৰ সমগ্ৰ দেশতে কোনো শিশুৱেই যাতে কোনোধৰণৰ নিৰ্যাতন আৰু দুৰ্ব্যৱহাৰৰ সন্মূখীন নহয়, শিশুৰ প্ৰাপ্য সকলো অধিকাৰ যাতে প্ৰতিগৰাকী শিশুৱে বিনা বাধাই লাভ কৰিব পাৰে সেই কাৰণেই বিগত ১৯৮৯ চনত ৰাষ্ট্ৰসংঘই কেৱল শিশুসকলৰ বাবে ‘ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ চনদ’ শীৰ্ষক এখনি মানৱ অধিকাৰ সম্পৰ্কীয় চনদ প্ৰস্তুত কৰে। এই চনদত বিশ্বৰ ১৯০ খনতকৈও অধিক দেশে স্বাক্ষৰ কৰে। আমাৰ দেশ ভাৰতবৰ্ষইও ১৯৯২ চনত এই চনদৰ প্ৰতিটো দফা অনুসৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে, যাৰ বাবে আমাৰ দেশৰ প্ৰতিজন শিশুৱেই সুৰক্ষাৰ অধিকাৰ, বিকাশৰ অধিকাৰ, জীয়াই থকাৰ অধিকাৰ, অংশগ্ৰহণৰ অধিকাৰ লাভ কৰাৰ দিশত ভাৰত চৰকাৰ দায়বদ্ধ হৈ পৰে। এই দায়বদ্ধতাই দেশখনত বিভিন্ন বিপদাপন্ন অৱস্থাত থকা শিশুসকলৰ মুখত হাঁহি বিৰিঙাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।

প্ৰতিজন শিশুৱেই প্ৰকৃতিগতভাৱে জন্মগ্ৰহণ কৰি পৃথিৱীখনক জানিবলৈ, নিজক বুজিবলৈ, সমগ্ৰ জীৱনটোৰ কৰ্ম-দায়িত্ব সুষ্ঠভাৱে পৰিচালনা কৰিবলৈ সৰ্বাংগীন বিকাশ লাভ কৰিব লাগিব আৰু তাৰ কাৰণেই উল্লিখিত অধিকাৰ সমূহ শিশুৱে লাভ কৰিব লাগিব। এইয়া শিশুৰ জন্মস্বত্ব অধিকাৰ। সেয়ে শিশুসকলৰ প্ৰাপ্য অধিকাৰ লাভ কৰাৰ দিশত চৰকাৰৰ দায়বদ্ধতাই সাধাৰণ অধিকাৰ সমূহৰ উপৰিও শিশুসকলক কিছুমান বিশেষ অধিকাৰ লাভ কৰাৰো সুযোগ প্ৰদান কৰিছে। সেই অধিকাৰ সমূহ হৈছে –

সকলো ধৰণৰ হিংসা-শোষণৰ পৰা সুৰক্ষিত হৈ থকাৰ অধিকাৰ। কোনো ডাঙৰ মানুহে ইচ্ছাকৃতভাৱে  শিশুক আঘাত কৰিব নোৱাৰিব। পিতৃ-মাতৃ বা শিক্ষকে বেছি আৱেগিক হৈ মানসিক বা শাৰিৰীক ভাৱে আঘাত কৰিব নোৱাৰিব। বৰঞ্চ তেওঁলোক সকলোধৰণৰ হিংসা, অৱহেলা, শোষণৰ পৰা ৰক্ষা কৰাৰ বাবেহে দায়বদ্ধ হৈ থাকিব।


প্ৰত্যেকজন শিশুৰেই পিতৃ-মাতৃ, ভাইটি-ভন্টি, দাদা-বাইদেউৰ লগত একেলগে থকাৰ অধিকাৰ আছে  আৰু পাৰিবাৰিক জীৱন লাভ কৰাৰ অধিকাৰো আছে।


প্ৰত্যেকজন শিশুৱে নিজৰ মত দাঙি ধৰাৰো অধিকাৰ আছে আৰু জ্যেষ্ঠ সকলৰো তেওঁলোকৰ মতক  গুৰুত্ব দিয়াৰ বাবে দায়বদ্ধতা আছে।


সকলো শিশুৰে সৰ্বাঙ্গীন বিকাশত অৰিহণা যোগাব পৰা আৰু এজন দায়িত্বশীল নাগৰিক হোৱাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষা লাভ কৰাৰ অধিকাৰ আছে।


দৰাচলতে প্ৰয়োজনীয়তা শিশুসকলৰ ক্ষেত্ৰত অসীম। এই প্ৰয়োজনীয়তাই শিশুসকলৰ অধিকাৰৰ জন্ম দিছে। যিসমূহ অধিকাৰ প্ৰতিখন সমাজ, প্ৰতিখন চৰকাৰ সকলোৱেই সুৰক্ষিত কৰাৰো প্ৰয়োজন। এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমাৰ দেশ ভাৰতবৰ্ষত শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰিৰখাৰ স্বাৰ্থতেই ‘শিশুৰ অধিকাৰ সুৰক্ষা আয়োগ আইন ২০০৫ খন গ্ৰহণ কৰা হৈছে। এই আয়োগে শিশুৰ অধিকাৰৰ লগত জড়িত কাৰ্যসূচীসমূহ সুচাৰুৰূপে পালন হৈছেনে নাই তাক চোৱা-চিতা কৰে। শিশু অধিকাৰ খৰ্ব সম্পৰ্কীয় যিকোনো গোচৰ গ্ৰহণ কৰি স্বতন্ত্ৰভাৱে ৰুজু কৰাৰ লগতে তদন্ত কৰি প্ৰয়োজনীয় দিহা পৰামৰ্শ চৰকাৰক দিব পাৰে।

শিশুৰ অধিকাৰ সুৰক্ষা আয়োগ আইন ২০০৫ ৰ ক্ষমতা আৰু কাৰ্যাৱলী সমূহ হ’ল –

প্ৰচলিত কোনো আইনৰ অধীনত বা আইনৰ দ্বাৰা প্ৰদান কৰা শিশুৰ অধিকাৰ সুৰক্ষা সম্পৰ্কীয় ব্যৱস্থাসমূহ  পৰীক্ষা আৰু পুনৰীক্ষণ কৰি এই সমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যথাযথ পৰামৰ্শ প্ৰদান কৰা।


আয়োগৰ সুবিধা অনুযায়ী শিশুৰ নিৰাপত্তা জনিত ব্যৱস্থাসমূহৰ কাৰ্যকৰণৰ ওপৰত ৰাজ্যচৰকাৰক সময়ে- সময়ে প্ৰতিবেদন দাখিল কৰা।


শিশুৰ কোনো অধিকাৰ উলংঘা কৰাৰ ক্ষেত্ৰত তাৎক্ষণিক তদন্ত সম্পাদনা কৰা আৰু এনে ক্ষেত্ৰত ল’ব লগীয়া কাৰ্যব্যৱস্থাৰ বাবে পৰামৰ্শ দিয়া।


শিশুৰ অধিকাৰ বাধাগ্ৰস্থ কৰা উপাদানসমূহ, যেনে – সন্ত্ৰাসবাদ, সাম্প্ৰদায়িক হিংসা, বিদ্ৰোহ, প্ৰাকৃতিক দুৰ্যোগ, এইচ আই ভি (এইড্ছ)ৰ সংক্ৰমণ, মানৱ সৰবৰাহ, অসৎ আচৰণ, উৎপীড়ন আৰু শোষণ, অশ্লীলতা  আৰু বেশ্যা বৃত্তি আদিৰ দৰে অসামাজিক কাৰ্যবোৰ প্ৰতিৰোধ কৰাৰ কাৰণে ব্যৱস্থাৱলীৰ নিৰ্দেশ দিয়া।


যন্ত্ৰণাক্লিষ্ট শিশু, পাশ্চাৎ পদতা অনগ্ৰসৰতাত ভোগা শিশু, শিশু বা কৈশোৰ অপৰাধত লিপ্ত হোৱা শিশু, পৰিয়ালবিহীন শিশু, কাৰাবন্দী শিশুসকলক দিবলগীয়া বা পাবলগীয়া যত্ন আৰু নিৰাপত্তা সম্পৰ্কীয় দিশবোৰ  চালি-জাৰি চোৱা আৰু তাৰ বাবে ল’বলগীয়া উপযোগী ব্যৱস্থাৱলী সন্দৰ্ভত নিৰ্দেশ দিয়া।


শিশুৰ অধিকাৰ সন্দৰ্ভত সময়ে সময়ে স্বাক্ষৰিত হোৱা বিভিন্ন চুক্তি, আন্তজাৰ্তিক বিধিসমূহ অধ্যয়ণ কৰা, শিশুৰ অধিকাৰ বিষয়ক কাম-কাজ, আঁচনি আৰু অন্যান্য কাৰ্যাৱলীসমূহ সময়ে-সময়ে পুণৰীক্ষণ কৰি চোৱা  আৰু এই কাযাৱলী তথা নীতি-নিয়মসমূহৰ প্ৰতি শিশুৰ আগ্ৰহ তথা মনোযোগ সাপেক্ষে কাৰ্যকৰী কৰাৰ  নিৰ্দেশ জাৰি কৰা৷


‘শিশুৰ অধিকাৰ’ শীৰ্ষক বিষয়ৰ ওপৰত গৱেষণামূলক অধ্যয়ণ চলোৱা আৰু সেইমৰ্মে উচিত পদক্ষেপ  গ্ৰহণ কৰা।


শিশুৰ অধিকাৰ কাৰ্যকৰীকৰণ সম্পৰ্কত সংবাদ-মাধ্যম, আলোচনা-চক্ৰ, সজাগতামূলক কাৰ্যসূচী তথা অন্যান্য মাধ্যমৰ যোগেদি সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত প্ৰচাৰ চলোৱা আৰু অধিকাৰসমূহ সুৰক্ষিত  কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা।


যিকোনো অভিযোগ সন্দৰ্ভত অনুসন্ধান চলোৱা আৰু নিজাববীয়া জাননী জাৰি কৰা।


এই আইনৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে শিশুৰ সুৰক্ষাৰ হেতু গ্ৰহণ কৰা আন এখন আইন হৈছে – ‘যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন ২০১২। এইখন আইনৰ উদ্দেশ্য হ’ল – ওঠৰ বছৰৰ তলৰ সকলো শিশুকে যৌন হাৰাশাস্তি আৰু পৰ্ণগ্ৰাফীৰ পৰা সুৰক্ষা প্ৰদান কৰা। ইয়াৰ দ্বাৰা সকলো ধৰণৰ যৌন অপৰাধৰ পৰা শিশুসকলক সুৰক্ষিত আৰু অপৰাধীক উচিত শাস্তি বিহিব পাৰি। এইক্ষেত্ৰত নিৰ্যাতিত শিশুৱে পৰিয়ালৰ লোকক, বিশ্বাসী বন্ধুক জনাব লাগে বা ১০৯৪ নম্বৰত ফোন কৰি সবিশেষ জনাব পাৰে। স্থানীয় আৰক্ষী চকী বা জিলাত থকা বিশেষ জুভেনাইল পুলিচ ইউনিটক ঘটনাৰ সবিশেষ জনাব পাৰে। আৰক্ষী বিষয়াই ঘটনাৰ সবিশেষ লিপিবদ্ধ কৰাটো বাধ্যতামূলক আৰু চিকিৎসকৰ দ্বাৰা নিৰ্যাতিতাক পৰীক্ষা কৰাই দণ্ডাধীশৰ ওচৰত জমানবন্দী লোৱাৰ ব্যৱস্থা কৰাটোও বাধ্যতামূলক।

দৰাচলতে এটি সুন্দৰ আৰু সুৰক্ষিত শৈশৱ লাভ কৰাতো সকলো শিশুৰে জন্মগত অধিকাৰ। প্ৰতিজন শিশুৱে এটি সুন্দৰ, সুখী আৰু সুৰক্ষিত শৈশৱ পাব লাগে, সন্মান-সহকাৰে কোনোধৰণৰ বৈষম্য নথকাকৈ শিশুসকল ডাঙৰ-দীঘল হোৱাৰ সুযোগ আৰু সুবিধা পাব লাগে। আমাৰ ৰাজ্যত শিশুৰ অধিকাৰ সুৰক্ষা আয়োগ আইন ২০০৫ খন ৪ মাৰ্চ তাৰিখত গঠন হোৱাৰ কাৰণে প্ৰতিবছৰৰ ৪ মাৰ্চ তাৰিখটোত ‘শিশু সুৰক্ষা দিৱস’ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ২০১৩ চনৰ ৩ ডিচেম্বৰ তাৰিখে এখন অধিসূচনা জাৰি কৰে। যিটো দেশৰ ভিতৰতে প্ৰথম আৰু উল্লেখনীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য শিশুসকলৰ প্ৰাপ্য অধিকাৰৰ সম্পৰ্কত ১৯৪৯ চনৰ ৩ ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে এখন পত্ৰত উল্লেখ কৰিছিল -“আমাৰ দেশ ভাৰতবৰ্ষ এখন ডাঙৰ দেশ আৰু দেশৰ বাবে আমাৰ প্ৰত্যেক জনৰেই কিছু কৰণীয় আছে। আমি প্ৰত্যেকজনেই যদি নিজৰ ফালৰ পৰা অলপ-অলপ হ’লেও কৰণীয়খিনি কৰো তেনেহ’লে এই সকলোবোৰ একগোট হৈ ডাঙৰ হৈ পৰিব আৰু আমাৰ দেশখন বিকাশৰ দিশত, উন্নতিৰ ক্ষেত্ৰত এখোপ আগবাঢ়ি যাব। ভাৰতবৰ্ষৰ শিশু হিচাপে তোমালোক প্ৰত্যেকৰে এটি সুন্দৰ, আনন্দময় শৈশৱ পোৱাৰ অধিকাৰ আছে লগতে তোমালোকৰ আন যি যি অধিকাৰ আছে এই সকলোবোৰ উপভোগ কৰাৰ অধিকাৰ আছে।’


লেখক হিমাংশু ৰণজন ভূঞা
উৎস: গণ অধিকাৰ August 11, 2018

অসমৰ জ্বলন্ত সমস্যাৰ বলিষ্ঠ পদক্ষেপ আৰু আব্দুল খালেক

ডেৰ লাখ ভোট প্ৰদান কৰি মোক জনীয়াৰ ৰাইজে সাংসদ হোৱাৰ পথ মুকলি কৰিব এই মন্তব্য মোৰ নহয়৷এই মন্তব্য কৰিছিল জণীয়াৰ বিধায়ক তথা বৰপেটাৰ নৱনির্বাচিত সাংসদ আব্দুল খালেকে সৌ সিদিনা কলগাছিয়াৰ উদমাৰীৰ বি এড কলেজত আয়োজন কৰা সম্বৰ্ধনা সভাত উপস্থিত থাকি এইদৰে মন্তব্য কৰিছিল আব্দুল খালেকে । আজি তেওঁৰ ভৱিষ্যত বানী সত্য বুলি প্রমানিত হ'ল৷২০০৬ চনত জনিয়াৰ ৰাইজে তেখেতক বিধায়ক হিচিপে নির্বাচিত কৰিছিল ৷তাৰ পিছত ২০১৬চনত অসম বিধানসভাত আকৌ নির্বাচিত হৈছিল৷ৰাইজৰ প্রতিটো সমস্যাৰ লগত মাত মতা বাবেই যে তেখেতক বিপুল সহাৰি দিছে নুই কৰিব নোৱাৰি৷ ইফালে তেওঁ বিধায়ক থকা বাবেই বেকী, মানাহ নদীৰ ওপৰত ৩ খন দলঙৰ কাম সমাপ্ত হোৱাৰ লগতে বিকল্প ৰাজ্যিক পথৰ কাম আৰম্ভ হৈছে৷ লগতে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয় স্থাপন কৰাৰ কথাও বৰ্ণনা কৰি নুই কৰিব নোৱাৰি৷এই বেলিও ৩ বছৰীয়া কাৰ্য্যকালত জনীয়া সমষ্টিৰ ৰাস্তা ঘাট নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে। তেও যে কথা দি কথা ৰখা মানুহ। যাৰ ফলত জনীয়াবাসী ৰাইজে যোৱা ২০১৬ অসম বিধানসভা নিৰ্বাচনত ৮৬, ৯৩০ টা ভোট প্ৰদান কৰি নির্বাচিত কৰিছিল। 

এই বেলিও সাংসদ নির্বাচিত হৈ বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে প্ৰতিষ্ঠা কৰাত প্ৰথম অগ্ৰাধিকাৰ দিব বুলিও কংগ্ৰেছ কৰ্মীসকলক তেওঁ প্ৰতিশ্ৰুতি দিয়ে । ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত আব্দুল খালেকে কয় যে উন্নয়ন, সংগ্ৰাম আৰু সমন্বয়ৰ বাবে বৰপেটা সমষ্টিবাসীয়ে কংগ্ৰেছ দলৰ সপক্ষে ৰায়দান দিছে । সাংসদ হিচাপে প্ৰথম কাম কি কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত খালেকে কয় যে বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে প্ৰতিষ্ঠিত কৰোৱাটো তেওঁৰ প্ৰথম কাম। ইয়াৰ বাবে তেওঁ সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই যাব বুলি মন্তব্য কৰে ।বৰপেটা চহৰক ৰে’লৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে সদনত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলিও তেওঁ কয় । বৰপেটা লোকসভা সমষ্টিটো বান-গৰাখহনীয়াৰ লগতে কৃষকৰ সমস্যা, নিবনুৱা সমস্যা, ডি-ভোটাৰৰ সমস্যা অন্যতম বুলি উল্লেখ কৰি এই সমস্যাবোৰ সমাধান কৰাৰ বাবে সদনত সৰ্বতোপ্ৰকাৰে চেষ্টা চলাব বুলিও কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত সাংসদগৰাকীয়ে কয়৷ইফালে আব্দুল খালেকৰ বিজয়ী হোৱাত বৰপেটা জিলা নিৰ্বাচনী নডেল বিষয়া তথা জিলা উপায়ুক্ত মুনিন্দ্ৰ শৰ্মাৰ লগতে ৰাজীৱ ভৱনত বিপুল আদৰণি জনায় নৱনিৰ্বাচিত সাংসদগৰাকীক । বৰপেটা চহৰৰ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছ কৰ্মীসকলে ফটকা ফুটুওৱাৰ লগতে কংগ্ৰেছ কৰ্মীসকলে তাল বজাই সমদল কৰি ৰাজীৱ ভৱনলৈ আদৰি আনে আব্দুল খালেকক।ৰাজীৱ ভৱনতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছৰ নেতাসকলে আব্দুল খালেকক ফুলাম গামোচা, শৰাই আদিৰে আদৰণি জনায় । মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দলৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীসকলেও নৱ নিৰ্বাচিত সাংসদগৰাকীক আদৰণি জনায়। কৰ্মীসকলক উদ্দেশ্যি আব্দুল খালেকে কয়- ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি দলৰ কথা ভাবিব লাগিব। সৰ্বভাৰতীয় স্তৰত কংগ্ৰেছৰ বিপৰ্যয়ৰ বাবে কৰ্মীসকলক হতাশ নহ’বলৈও তেওঁ আহ্বান জনায়।

লেখক:ৰাজিদুল ইছলাম,কলগাছিয়া ফোন নং:৮৪৭২০৩৩৭৩৪


Thursday, May 23, 2019

এনে কিছু কথা আছে কব নালাগে কিন্তু নকৈ থাকিব নোৱাৰি--

অসমৰ প্ৰেক্ষাপটত কংগ্ৰেছৰ মান মুছলিম ধৰ্মাৱলম্বীৰ লোকেহে ৰক্ষা কৰিলে। কলিয়াবৰ,নগাঁও আৰু বৰপেটা জয়ী হোৱাটো তাৰেই দৃষ্টান্ত উদাহৰণ। এতিয়া কমছে কম লাঞ্চিত,বঞ্চিত এই জাতিটোক লৈ   কংগ্ৰেছ দলে কৰা কুটিল ৰাজনীতি বন্ধ কৰিব লাগে। ৰাজনৈতিক পাশাখেলৰ পৰা এই  জাতিটোক ৰক্ষা কৰক,এওলোকৰ প্ৰাপ্য আদায় কৰি দিয়াত সম্পূৰ্ণ সহযোগ কৰক আৰু মুক্তমনে,মুক্তকণ্ঠে এওলোকক আকোৱালী লওক অন্যাথাই অনাগত দিনবোৰত ইয়াৰ কুফল ভোগ কৰিব লাগিব। যি আশা বুকুত বান্ধি আপোনালোকক আকোৱালী লৈছে, সেই আশাত চেচাপানী ঢালি নিদিব।
ৰাছিদুল হক আহমেদ,বৰপেটা লৱ কলেজ
উৎস:ফেচবুক

বিঃদ্ৰঃ- মোৰ ক্ষুদ্ৰ মস্তিস্কৰ সামান্য বিশ্লেষণ। মই মুক্ত, মই ভাবো মই নিৰপেক্ষ।

বৰপেটাৰ দৃশ্যপট পৰিৱৰ্তনঃ আব্দুল খালেকৰ বিজয়

 অসমত তথা সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছ দলৰ বিপৰ্য্যয়ৰ অৱস্থা চলি থকা সময়তে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বৰপেটা লোকসভা সমষ্টিৰ ফলাফলে৷ ভোট গণনাৰ প্ৰথম পৰ্যায়ৰ পৰা পিছপৰি থকা কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকে আচৰিত ধৰণে দৃশ্যপট সলনি কৰিবলৈ সক্ষম হৈছে৷তেওঁৰ নিকটতম প্রতিদন্ধী অগপ-বিজেপিৰ মিত্রজোটৰ প্রার্থী কুমাৰ দীপক দাসতকৈ ১,৪০,৩০৭ ভোটৰ ব্যৱদানত মুঠ ৬,৪৫,১৭৩ টা ভোট লাভ কৰি বিজয়ী হৈছে৷বিগত সময় চোৱাত এ আই ইউ ডি এফৰ দখলত থকা বৰপেটা লোকসভা সমষ্টি এইবাৰ কিন্তু কংগ্রেছ দলে অভুতপূর্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ গোটেই দেশত মোডীৰ চুনামী অব্যাহত থকাৰ সময়তো এই চুনামীৰ প্রভাৱ নপৰিল সন্মানীয় বৰপেটা লোকসভা সমষ্টিত৷নির্বাচন সমাপ্ত হোৱাৰ পিছৰে পৰা যতেষ্ট আত্মবিশ্বাসী হৈ থকা কংগ্রেছ প্রার্থীগৰাকীয়ে আজি বিজয় সাব্যস্ত কৰাৰ পিছতে  সাংবাদিকক জনায়-'এই বিজয় ৰাইজৰ বিজয়৷উন্নয়ন,সংগ্রাম আৰু সমন্বয়ৰ বাবে বৰপেটা সমষ্টিবাসীয়ে কংগ্রেছ দলক ভোট দিয়া বুলি খালেকে কয়৷বৰপেটা লোকসভা সমষ্টিৰ হিন্দু আৰু মুছলমান তেওঁক জয়ী কৰোৱা বুলিও তেওঁ কয়৷নিৰ্বাচনৰ সময়ত বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে প্ৰতিষ্ঠিত কৰোৱাত সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভত খালেকে কয় যে বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে স্বীকৃতি দিয়াৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাব । একেদৰে বৰপেটা চহৰক ৰে’লৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবেও চেষ্টা চলাব বুলি তেওঁ মন্তব্য কৰে । বৰপেটা লোকসভা সমষ্টিটো বান-গৰাখহনীয়াৰ লগতে কৃষকৰ সমস্যা, নিবনুৱা সমস্যা, ডি-ভোটাৰৰ সমস্যা অন্যতম বুলি উল্লেখ কৰি এই সমস্যাবোৰ সমাধান কৰাৰ বাবে সদনত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলিও কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থী আব্দুল খালেকে মন্তব্য কৰে। উল্লেখ্য যে বৰপেটা লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে ।এইক্ষেত্ৰত এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকৰ জয়ত বাধাৰ সৃষ্টি কৰিব নেকি তাক লৈ কংগ্ৰেছ শিবিৰ কিছু পৰিমাণে চিন্তিত হৈছিল যদিও তেনে চিন্তাৰ ওৰ পেলাই আজি শেষ হাঁহি মাৰিবলৈ সক্ষম হয় আব্দুল খালেক । উল্লেখ্য যে ৬ নং বৰপেটা লোকসভা সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস, কংগ্ৰেছৰ আব্দুল খালেক, এ আই ইউ ডি এফৰ হাফিজ ৰফিকুল ইছলামৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব বুলি সচেতন ৰাইজে সম্ভাৱনা ব্যক্ত কৰিছিল যদিও ভোট গণনাৰ পিছত কংগ্রেছৰপ্রার্থী আব্দুল খালেকে মিত্রজোটৰ প্রার্থী কুমাৰ দীপক দাসক পৰাস্ত কৰি কংগ্রেছ দলৰ সন্মান ৰক্ষা কৰিবলৈ সক্ষম হয়৷
'লেখক:ৰাজিদুল ইছলাম,ডিমাপুৰ,কলগাছিয়া

Wednesday, May 22, 2019

অসমৰ ভাষাগত সংঘাত

বৰাক উপত্যকা ৰ মানুহে ভাষা আন্দোলনৰ সময়ত নিজৰ মাতৃভাষা ত্যাগ কৰা নাছিল কিন্তু নামনিৰ মানুহখিনিয়ে (60ৰ ভাষা/70ৰ মাধ্যম) অসমীয়া সমাজৰ লগত #একাত্ম হোৱাৰ স্বাৰ্থতে হওঁক নতুবা অসমীয়া ভাষা ৰক্ষাৰ আদৰ্শগত কাৰণতেই হওঁক নিজৰ প্ৰকৃত #বঙালী_মাতৃভাষা এৰি অসমীয়া ভাষাকে মাতৃভাষা বুলি স্বীকৃতি দিছিল। সেইটো আছিল সমিল মিলৰ এক আদৰ্শ সংকল্প। যাৰ বাবে 50 বা 70 দশকত বঙালী ভাষী নামনিৰ মানুহখিনিক ধন্যবাদৰে ওপচাই দিয়া হৈছিল অসমীয়া মুৰব্বী সমাজৰ দ্বাৰা। তাৰ প্ৰমাণ পুৰণি অসমীয়া বুদ্ধিজীৱীৰ কিতাপ/পেপাৰৰ পাতে পাতে পোৱা যায় এতিয়াও।

সময় পৰিবৰ্তন হ'ল, এতিয়াৰ অসমীয়া সমাজৰ #যুৱ_উগ্ৰ_জাতীয়তাবাদী সকলে নামনি মানুহৰ সেই উদৰতাক দুৰ্বলতা বুলি ধৰি বৰ্তমান নাগুৰ নিকুতি কৰি ফুৰিছে? বৰাকৰ মানুহে যদি অসমীয়া ভাষা ক'ব নোৱাৰে সেইটো কোনো দোষণীয় কাৰ্য্য নহয়, সেয়া বঙালী জাতিয়তাবাদী। কিন্তু সেই একেই প্ৰকৃত বঙালী ভাষী নামনিৰ মানুহখিনিয়ে যেতিয়া শুদ্ধকৈ অসমীয়া ভাষা ক'ব নোৱাৰে, লগে লগে এই মানুহখিনিক সন্দেহ যুক্ত নাগৰিক বুলি অপবাদ দিয়া আৰম্ভ হৈছে যাৰ বীজ ৰোপণ হৈছিল সেই অসম আন্দোলনৰ পৰাই। কোনোবাই স্বীকাৰ কৰক বা নকৰক, আমাৰ পূৰ্বজ সকলে নিজৰ স্বীকয়তা (50/70ত) এৰি আমাক এক ডাঙৰ বিপদত পেলাই থৈ গৈছে। না ঘৰ কা, না ঘাটকা ধুবীৰ কুকুৰ বনাই পেলাইছে।

কথাষাৰ আপোনাৰ বিশ্বাস কৰিবলৈ টান লাগিব পাৰে কিন্তু বাস্তৱ এইটোৱেই! Illegal Migrants (Determination by Tribunal) Act, 1983 ওৰফে IMDT act,1983 বনোৱাৰ উদ্দেশ্যেই আছিল যাতে হকে বিহকে যাকে তাকে ধৰি "তই বাংলাদেশী, অই তই বিদেশী" বুলি কেচ ৰুজু কৰি অসমত থকা ধৰ্মীয় ও ভাষিক সংখ্যালঘু সকলক কোৰ্ট কাছাৰী লৈ মাতি নি হাৰাশাস্তি কৰিব নোৱাৰে। কিন্তু সময়ত সেয়া SC য়ে খাৰিজ কৰি দিয়ে কাৰোবাৰ দুৰ্বল শপতনামা নতুবা আইন খন সঠিক নহয় বুলি।

এতিয়া আঁহো আচল কথা লৈ, এই যে যোৱাকালি হাতীগাওঁ ও সিজুবাৰী অঞ্চলৰ পৰা প্ৰায় 20-25 জন মান labourক পুলিচে ধৰি লৈ যায় নিৰ্দিষ্ট কৰি দিয়া #নথি ভাড়াঘৰৰ মালিকক নিদিয়া বাবে, সিমান খিনিলৈ ঠিকেই আছে বাৰু। কিন্তু যেতিয়া সন্ধিয়া কিছু ব্যক্তিৰ তত্বাবধানত মানুহখিনিক এৰি দিয়া হয়, তাৰ আগমুহুৰ্তত মানুহখিনিৰ পৰা দহ আঙুলিৰ ছাপ লোৱা হয় (Thump Impression)। বছ ঘটনা ইয়াতেই, এই যে হাতৰ তলুৱাৰ ছাপ লোৱা হল, ইয়াৰ পৰবৰ্তী পৰ্যায়ত আগতেও এনেকুৱা বহু উদাহৰণ আছে য'ত এনেকৈ Impression ৰখা মানুহৰ ঘৰে ঘৰে নহ'লে পদূলিতে Foreigner Tribunalত হাজিৰ হ'বলৈ নিৰ্দেশনা দিয়া থাকে সন্দেহ যুক্ত নাগৰিক বুলি ? (এইবাৰ তেনেকুৱা একো নহওঁক বুলি আশা থাকিল)।এই যে সাধাৰণ খাঁটি খোৱা মানুহক ভাষাৰ তাৰতম্যৰ সহিতে আচহুৱা পোছাকৰ বাবে হকে বিহকে FTৰ চাৰিওফালে ঘূৰিব দিয়া হয় ফটা চিটা নথি পত্ৰ লৈ, এইবোৰ যদি সংখ্যালঘুৰ ওপৰত হাৰাশাস্তি নহয়, তেতিয়া হ'লে হাৰাশাস্তি কাক কয় ?

সেই 80'তে চৰকাৰে জানিছিল কিছু ক্ষমতাবান মানুহ ও ৰাজনৈতিক দলে ক্ষমতাৰ অপব্যৱহাৰ কৰি দুখীয়া সংখ্যালঘুক চৰম নাগুৰ নিকুতি কৰিব পাৰে তাৰ বাবেই IMDT act বনাইছিল, যাতে অভিযোগ অনা ব্যক্তিয়ে নিজেই প্ৰমাণ কৰিব লাগে যে উক্ত ব্যক্তি জন বিদেশী । আজি সেই act খাৰিজ হোৱাৰ ফল নিৰক্ষৰ ও অশিক্ষিত খিনিয়ে তাৰ ফল হাতে হাতে ভুগি আছে।

এতিয়া #আমাৰ অঞ্চলৰ সকলো মানুহৰ মনত এক প্ৰশ্ন উদয় হৈছে নতুনকৈ #চুলি_গজা উগ্ৰ জাতীয়তাবাদী সকলে নামনিৰ মানুহখিনিৰ #ত্যাগৰ অকনো #ইতিহাস অধ্যয়ন নকৰাকৈ যেনেদৰে নিজৰ ভুৱা উগ্ৰতা দেখুওৱা আৰম্ভ কৰিছে, ই যে নৱ প্ৰজন্মৰ নামনিৰ মানুহ খিনিৰ শগত সংঘাত ঘটাব সেইটো নিশ্চিত (তেনেকুৱা নহওঁক বুলি আশাবাদী)। কাৰণ নামনিৰ নৱ প্ৰজন্মই এতিয়া "50ৰ বুঢ়া সকলে কৰা Blunderকে নহয় আমাৰ নিচিনা কেইটাকো #সম্প্ৰীতি_সম্প্ৰীতি কৈ থকা বাবে #তুলাধুনা দিয়া আৰম্ভ কৰিছে" । সিহঁতৰ অভিযোগ বাৰু সঁচাই হয়, কাৰণ 50 দশকত আমাৰ ফালে থকা সকলো চৰকাৰী নথি পত্ৰ বাৰু বঙালী ভাষাতেই আছিল।

বহুতে এতিয়া ভবা আৰম্ভ কৰিছে যদি #বৰাকৰ দৰে নামনিতেও তেতিয়াই বঙালী ভাষা ধৰি ৰাখিলে হৈ আজি #উগ্ৰ_জাতীয়তাবাদীৰ কবলত পৰি এনেদৰে নাগুৰ নিকুতি কৰিবলগীয়া নহ'লে হৈ। তেতিয়া #আজিৰ উগ্ৰ জাতীয়তাবাদী সকলোৱে জানিলে হৈ 50 দশকৰ পৰাই নামনিত বঙালীৰ অপভ্ৰংস ভাষাই চলি আছিল আৰু আগলৈয়ো চলিয়ে থাকিব যেতিয়ালৈকে কোটি কোটি টকীয়া Detetion Camp ৰ সলনি কোটি টকীয়া শিক্ষানুষ্ঠান গঢ়ি তুলি মানুহক শিক্ষিত কৰা নহয়।
লেখক:মহিন খান,উৎস:ফেচবুক

কবিতা

এক অন্ধকাৰ অমানিশা

 বাৰিষাৰ দৰে আহি সিঁচিছিলা বুকুত আশাৰ বীজ, হৃদয়ত প্রতিটো চুকত ফুলি উঠিছিল কহুৱা ফুল৷ লাহে লাহে সপোন বোৰ পাহি মেলিছিল! আশাবোৰ জাগি উঠিছিল প্র...