Tuesday, May 21, 2019

বিদেশী ন্যায়াধিকৰণৰ ৰায় বনাম এন আৰ চি





 আব্দুৰ ৰহমান চিকদাৰ

সকলোৱে জ্ঞাত যে এন আৰ চি অদ্যাৱধিকৰণৰ কাম চলি থাকোতে বহুতৰ নামৰ আগত ডি (ভোটাৰ তালিকাত) লগোৱা হৈছে, বিদেশী গোচৰ পঞ্জীয়ন হৈছে, আনকি গোচৰ প্ৰক্ৰিয়া চলি থকাও পৰিলক্ষিত হৈছে। খচৰা তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ পিছতো বহুতৰ নামত বিদেশী গোচৰ ৰুজু হৈছে আৰু বহুতক বিদেশী বুলি ঘোষণা কৰা হৈছে। দুয়োটা প্ৰক্ৰিয়া একেলগে চলি থকাৰ বাবেই বিদেশী বুলি ঘোষিত ব্যক্তিও এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত হ’ব পাৰে। বহুতে ক’ব খোজে যে এন আৰ চি আৰম্ভ হোৱাৰ লগে লগে বিদেশী গোচৰ ৰুজু কৰা বা বিচাৰ প্ৰক্ৰিয়া স্থগিত ৰাখিব লাগিছিল। এনে পৰিস্থিতিত এন আৰ চিৰ অন্তৰ্ভুক্তি নে ন্যায়াধিকৰণৰ ৰায় কোনটো বাহাল থাকিব– এটি ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। অৰ্থাৎ কোনটো প্ৰতিষ্ঠানৰ সিদ্ধান্ত ন্যায়পূৰ্ণ আৰু প্ৰভাৱশালী, সেয়া অতি গুৰুত্বপূৰ্ণ আৰু বিচাৰ্য বিষয়।
বিদেশী ন্যায়াধিকৰণৰ কাম-কাজ সম্পৰ্কে ইতিমধ্যে পূৰ্বৰ প্ৰবন্ধসমূহত আলোচনা কৰা হৈছে। ইয়াতো চমুকৈ আলোকপাত কৰা হ’ল, যেনে–
(১) বিদেশী ন্যায়াধিকৰণৰ একাংশ সদস্যৰ কাম-কাজ ও বিচাৰ কাৰ্য প্ৰাক্তন ৰাজ্যপাল প্ৰয়াত এছ কে সিন্হাৰ সাম্প্ৰদায়িক ৰাজনৈতিক প্ৰতিবেদনৰ দ্বাৰা প্ৰভাৱিত হোৱা পৰিলক্ষিত হৈছে। গতিকে তেওঁলোকৰ ৰায়সমূহ ন্যায়পূৰ্ণ বুলি ক’ব নোৱাৰি।
(২) একাংশ ন্যায়াধিকৰণৰ সদস্যই নাম-উপাধি আৰু বয়সৰ সামান্য খেলিমেলি ধৰি হেজাৰজনক বিদেশী ঘোষণা কৰিছে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ে ছিৰাজুল হকৰ গোচৰত (Criminal Appeal No-267 OF 2019) যোৱা ১৪ ফেব্ৰুৱাৰী তাৰিখে দিয়া ৰায় আৰু মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে আব্দুল মাতালী ওৰফে মতলেব মহম্মদৰ গোচৰ (2015 (2) ULT 617)ত দিয়া ৰায় ইয়াৰ জ্বলন্ত উদাহৰণ। দুয়োটা গোচৰৰ ভুক্তভোগীক এনেধৰণৰ সামান্য খেলিমেলি ধৰি বিদেশী ঘোষণা কৰা হৈছিল। উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ খণ্ডপীঠ আদালতে ন্যায়াধিকৰণৰ ৰায়ৰ ভুল ধৰি বাতিল কৰিলে। এই ভুক্তভোগীসকলৰ অধিকাংশই দৰিদ্ৰ, অশিক্ষিত আৰু পিছপৰা, উচ্চতম ন্যায়ালয়লৈ নিজৰ আবেদন লৈ যোৱাৰ সামৰ্থ্য নাই।
(৩) বহু গোচৰত যদিও পুলিচে অনুসন্ধান কৰি ভাৰতীয় নাগৰিক বুলি প্ৰতিবেদন দাখিল কৰিছে তথাপি তেওঁলোকৰ বিৰুদ্ধে অন্যায়ভাৱে গোচৰ ৰুজু কৰা হৈছে, বিদেশী বুলিও ঘোষণা কৰিছে। এই কাৰ্য দেশৰ প্ৰতিষ্ঠিত আইন আৰু আইনগত বিধি বহুক্ষেত্ৰত উলংঘা কৰিছে। জাতিৰ পিতা মহাত্মা গান্ধী আজিৰ দিনত বাচি থাকিলে এই কাৰ্যক কি বুলি ক’লেহেঁতেন·
(৪) ন্যায়াধিকৰণৰ সদস্যসকলে সীমান্ত পুলিচে ন্যায্য অনুসন্ধান কৰিছে নে নাই, পুলিচৰ প্ৰতিবেদন গোচৰৰ বাবে যথেষ্ট হয় নে নহয় কেতিয়াও জুখি নাচায়। কোনো বাছ-বিচাৰ নকৰি সকলো প্ৰতিবেদনৰ ওপৰতে ন্যায়াধিকৰণে গোচৰ ৰুজু কৰা দেখা যায়। ন্যায়াধিকৰণৰ সদস্যসকলে চোৱা উচিত যে ন্যায্য অনুসন্ধান নোহোৱাকৈ ন্যায্য বিচাৰ হ’ব নোৱাৰে। প্ৰতিজন সন্দেহী ব্যক্তিক অনুসন্ধান পৰ্যায়তে নিজৰ কাগজ-পত্ৰ দেখুৱাই অভিযোগ খণ্ডন কৰাৰ সুযোগ দিব লাগে। এইক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে মুছলেম মণ্ডলৰ গোচৰত (2013(1) ULT 809) দিয়া ৰায়ৰ দফা নং ৯৭, ৯৮ আৰু ৯৯ত নীতি নিৰ্ধাৰক আদেশ দিছে। কিন্তু ন্যায়াধিকৰণৰ সদস্যসকলে তাক আওকাণ কৰি বিচাৰ কাৰ্য চলোৱা দেখা যায়, যাৰ দ্বাৰা ডজনৰো অধিক তথ্য উপস্থাপন কৰি ভাৰতীয় নাগৰিক বুলি দাবী কৰা ব্যাপকসংখ্যক মানুহৰ নাগৰিকত্ব কৰ্তন কৰি মানৱিক অধিকাৰ খৰ্ব কৰা হৈছে।
(৫) ঠিকাভিত্তিত অস্থায়ীভাৱে নিযুক্ত ন্যায়াধিকৰণৰ একাংশ সদস্যই নিৰপেক্ষ বিচাৰকৰ দৰে নহয়, বিবাদীৰ দৰে আচৰণ কৰি গোচৰ চলোৱাৰ দৃষ্টান্ত বহুত আছে। সাক্ষীৰ তথ্যৰ ভুল ব্যাখ্যা বা বহুক্ষেত্ৰত পৰিৱৰ্তন কৰি লিপিবদ্ধ কৰাৰ অভিযোগ আছে। তাৰ দ্বাৰা সাক্ষীৰ সাক্ষীগত মূল্য খাৰিজ কৰে বুলি অভিযোগ আছে। দুৰ্ভাগ্য যে ভুক্তভোগীৰ নিযুক্ত অধিবক্তাই এইক্ষেত্ৰত লোৱা ভূমিকা অতি দুখলগা।
(৬) একাংশ ন্যায়াধিকৰণৰ সদস্যই চৰকাৰী অধিবক্তাক বহুক্ষেত্ৰত একাষৰীয়া কৰি সাক্ষীক নিজৰ হাতত তুলি লৈ নিজেই পূৰ্ণ পৰ্যায়ৰ জেৰা কৰে।
(৭) ঠিকাভিত্তিক ন্যায়াধিকৰণৰ সদস্যক চৰকাৰী পক্ষই চৰকাৰে বিচৰা ধৰণে ৰায় দিবলৈ চাপ দিয়া দেখা যায়। নাম, উপাধি ও বয়সৰ খেলিমেলি ধৰি বেছিসংখ্যকক বিদেশী নকৰিলে চাকৰি যাব পাৰে। কিছুদিন আগত ১৯জন ন্যায়াধিকৰণৰ সদস্যক এনেকুৱা কাৰণত আঁতৰাই দিয়া হৈছিল। সেইসকল সদস্যই উচ্চ ন্যায়ালয়ত WP (1) NO 4476!2017, WP (1) NO. 4478!17 আৰু WP (C) NO. 4868!2017 গোচৰ তৰে আৰু তেওঁলোকক নিলম্বন কৰা চৰকাৰী সিদ্ধান্তক প্ৰত্যাহবান জনায়। উক্ত গোচৰত চৰকাৰ পক্ষই শপতনামাত দাখিল কৰি ক’লে যে এওঁলোকে (১৯জন সদস্য) খুব কমসংখ্যক গোচৰত বিদেশী ঘোষণা কৰিছে; গতিকে তেওঁলোকৰ সেৱা সন্তোষজনক নহয়। সেয়ে তেওঁলোকক চাকৰিৰ পৰা আঁতৰাই দিয়া হৈছে। ন্যায়াধিকৰণৰ সদস্যসকলক যে স্বাধীনভাৱে ও নিৰপেক্ষতাৰে কাম কৰিবলৈ দিয়া নাই, ইয়াতকৈ আৰু কি স্পষ্টীকৰণ থাকিব পাৰে· স্বাভাৱিকতে বাকী কৰ্মৰত ন্যায়াধিকৰণৰ ৰায় নিৰপেক্ষ, ন্যায়পূৰ্ণ আৰু ত্ৰুটিপূৰ্ণ হ’ব, সেই আশা কম।
(৮) দেখা যায় যে কোনো গোচৰতে ন’টিচৰ লগত পুলিচে অনুসন্ধান কৰি ভুক্তভোগীৰ বিৰুদ্ধে পোৱা তথ্য বা সন্দেহৰ ভিত্তি (Main Ground) কি সেইটো নিদিয়ে বা গোচৰত ন’টিচ পাই হাজিৰ হোৱাৰ পিছতো পুলিচে ন্যায়াধিকৰণত জমা দিয়া অনুসন্ধান প্ৰতিবেদনৰ (Enquiry Report) নকল নিদিয়ে। প্ৰমাণিত নকল বিচাৰিলেও একাংশ ন্যায়াধিকৰণে নিদিয়ে। ফলত অধিবক্তাই লিখিত বয়ান বা লিখিত সাক্ষীত পুলিচৰ মিছা বা ভুল অনুসন্ধান বা অনুসন্ধানৰ তথ্য সম্পৰ্কে আপত্তি দৰ্শোৱাব নোৱাৰে।
(৯) একাংশ ন্যায়াধিকৰণৰ সদস্যই, ভুক্তভোগী ও ভুক্তভোগীৰ সাক্ষীক অবান্তৰ প্ৰশ্ন কৰি ভয়াৰ্ত (Terrorised) কৰে আৰু নিৰ্ভয়ে গোচৰ প্ৰক্ৰিয়াত অংশগ্ৰহণত বাধাগ্ৰস্ত কৰে।
(১০) একাংশ ন্যায়াধিকৰণৰ সদস্যই তেওঁ দিয়া ৰায় পুনৰ বিবেচনাৰ বাবে আবেদন (Review Petition) কৰিলেও গ্ৰহণ নকৰে আৰু আবেদন ঘূৰাই (Return) দিয়ে।
(১১) অৱসৰপ্ৰাপ্ত সত্ৰ ও জিলা ন্যায়াধীশ বা বিচাৰ বিভাগৰ নিয়মিতভাৱে নিযুক্ত বিচাৰকসকলক বিদেশী ন্যায়াধিকৰণৰ সদস্য হিচাপে নিযুক্ত কৰিলে গোচৰসমূহত ন্যায়পূৰ্ণ ৰায় হোৱাৰ সম্ভাৱনা অধিক। অধিবক্তাসকলৰ পৰা নিযুক্ত বেছিসংখ্যক ঠিকাভিত্তিত অস্থায়ী সদস্যৰ, যিসকলে অধিবক্তা হিচাপে বিশেষ সফলতা লব্ধ কৰিব পৰা নাছিল, যেনে-তেনে চৰকাৰ পক্ষক সন্তুষ্ট ৰখাৰ প্ৰৱণতা। আকৌ এওঁলোকৰ ভিতৰত যিসকল অলপ যোগ্য ব্যক্তি, নিজৰ বিবেক-বিবেচনা মতে চলিব বিচাৰে তেওঁলোকক আঁতৰাই দিয়া হৈছে। চৰকাৰৰ সন্তুষ্টি ৰক্ষা কৰি কোনেও নিৰপেক্ষ ৰায় দিব নোৱাৰে। গতিকে ঠিকাভিত্তিত নিযুক্ত বিদেশী ন্যায়াধিকৰণৰ ৰায় কেতিয়াও এন আৰ চিতকৈ শুদ্ধ হ’ব নোৱাৰে।
অৰ্থাৎ একাংশ ন্যায়াধিকৰণৰ বিচাৰ কাৰ্যত নিৰপেক্ষতা আৰু প্ৰতিষ্ঠিত আইনক আওকাণ কৰাৰ অভিযোগ উলাই কৰিব নোৱাৰি। অন্যহাতে এন আৰ চি অদ্যাৱধিকৰণৰ কাম মহামান্য উচ্চতম ন্যায়ালয়ৰ তদাৰকত সম্পন্ন হৈ আছে। যাৰ বাবে সংশ্লিষ্ট কতৃÇপক্ষই নিৰপেক্ষতা অৱলম্বন কৰি কাম কৰাৰ সম্ভাৱনা বেছি। অৰ্থাৎ এন আৰ চি অদ্যাৱধিকৰণ বাহাল থাকিব লাগে।
তদুপৰি অসমৰ বিদেশী ন্যায়াধিকৰণৰ সৃষ্টি সংসদৰ কোনো গৃহীত আইনৰ জৰিয়তে হোৱা নাই বা সংবিধানৰ দফা নং ৩২৩ (A) বা ৩২৩ (B) মতে হোৱা নাই। বৰং এই ন্যায়াধিকৰণবোৰ বিদেশী আইন, ১৯৪৬ ৰ দফা নং ৩ মতে গঠন কৰা হৈছে। ইয়াৰ দ্বাৰা এইটো স্পষ্ট যে এক বিৰাটসংখ্যক (বিশেষ সম্প্ৰদায়ৰ) মানুহক এনে ন্যায়াধিকৰণৰ খাম-খেয়ালি গোচৰ প্ৰক্ৰিয়ালৈ ঠেলি দিয়া হৈছে; যাৰ সৃষ্টি সংসদত অনুমোদিত নহয়। বিদেশী আইনৰ তিনি নং দফাই কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰা ক্ষমতাৰ দ্বাৰা সৃষ্ট এই ন্যায়াধিকৰণবোৰ। ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ, কিন্তু ৰাজ্য চৰকাৰে প্ৰয়োগ কৰি সৃষ্টি কৰিছে এই ন্যায়াধিকৰণসমূহ। ই কিমান ন্যায়সংগত, সেয়াও ডাঙৰ প্ৰশ্ন। ইয়াৰ এটা তুলনামূলক গঠন কৰি যোৱা আইন, আমাৰ দেশত উদ্ভৱ হোৱা পৰিস্থিতিত প্ৰয়োগ কৰা কিমানখিনি যুক্তিসংগত তাৰো আলোচনা হোৱা দৰকাৰ।
ব্ৰিটিছে তেওঁলোকৰ চিৰবৈৰী জাপান, ফ্ৰান্স, অষ্ট্ৰেলিয়া আদি দেশৰ পৰা অহা বিদেশীক চিনাক্তকৰণৰ বাবে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই আইন প্ৰণয়ন কৰিছিল। মুক্তভাৱে ফুৰি ফুৰা এনে ধৰণৰ অনাভাৰতীয় বিদেশীক চিনাক্তকৰণৰ বাবে তৈয়াৰ কৰা আইন বৰ্তমান সেইসকলৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে, যিসকলৰ স্থায়ী বাসস্থান আছে, মাটি-বাৰী আছে, পৰিয়ালৰ আন আন সদস্যসকলৰ লগত বসবাস কৰি আছে আনকি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত আছে। অকল সন্দেহৰ ওপৰত ভিত্তি কৰি দেশৰ প্ৰতিষ্ঠিত আইন-কানুন আওকাণ কৰি, সংবিধানৰ মৌলিক গাঁথনিক অস্বীকাৰ কৰি, ভোটাৰ তালিকাত চৰকাৰ পক্ষই কৰা ভুলৰ বাবে অশিক্ষিত অবুজ মানুহৰ অজ্ঞতাৰ সুযোগ লৈ বিদেশী গোচৰ সৃষ্টি কৰা হৈ আছে আৰু যেনেতেনে ৫জনৰো অধিক তথ্যৰে দাবী কৰা নাগৰিকত্ব খৰ্ব কৰা হৈ আছে, বিদেশী ঘোষণা কৰা হৈ আছে। মানৱীয় দৃষ্টিকোণত ই এক অপৰাধ, মানৱ সভ্যতা আৰু ইতিহাসৰ কলংক। ভাৰতীয় সংবিধান, ভাৰতীয় সনাতন ধৰ্ম ও সংস্কৃতিৰ বিৰোধী।
                                                                 আব্দুৰ ৰহমান চিকদাৰ৷অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয় ৷ফোন : ৯৪৩৫০-১৪৯৯৩ )

No comments:

Post a Comment

কবিতা

এক অন্ধকাৰ অমানিশা

 বাৰিষাৰ দৰে আহি সিঁচিছিলা বুকুত আশাৰ বীজ, হৃদয়ত প্রতিটো চুকত ফুলি উঠিছিল কহুৱা ফুল৷ লাহে লাহে সপোন বোৰ পাহি মেলিছিল! আশাবোৰ জাগি উঠিছিল প্র...