Tuesday, October 19, 2021

এক অন্ধকাৰ অমানিশা

 বাৰিষাৰ দৰে আহি

সিঁচিছিলা বুকুত আশাৰ বীজ,

হৃদয়ত প্রতিটো চুকত

ফুলি উঠিছিল কহুৱা ফুল৷

লাহে লাহে

সপোন বোৰ পাহি মেলিছিল!

আশাবোৰ জাগি উঠিছিল

প্রতিটো শিৰা উপ শিৰাত,

হেপাহবোৰ ফুলিছিল!!

কিন্তু,

হঠাৎ এদিন,

তীব্রবেগী এজাক বতাহে,

সকলো থানবান কৰিছিল!

আৰু আনি দিছিল

এক অন্ধকাৰ অমানিশা৷

*********************


#ৰাজিদুল_ইছলাম

অন্য এক অনুভূতি

বহুদিনৰ মূৰত.......

তোমাক লগ পোৱাৰ আশাৰে,

বিছাৰি ফুৰিছো!

এষাৰ মাত মাতিবলৈ৷

জানা তোমাৰ ছবিটো চাই,

চকুলো নিগৰো সদায়৷

কিন্তু ভাগ্যৰ কি পৰিহাস,

কতো বিছাৰি নাপাও তোমাক!!

তোমাৰ কাৰনে ছাগে....

আজি......

মই হৈছো পছোৱাৰ নিছিনা বলিয়া৷

পাহাৰ-ভৈয়াম,নদ-নদী, আকাশত

বিছাৰি ফুৰিছো!!

এক ভূল ঠিকনা হাতত লৈ!!!

************************


#ৰাজিদুল_ইছলাম

অচিনাকী ৰূপত

তোমাৰ সতে মোৰ চিনাকী বহুযুগৰ

সেই তাহানিতে,

যেতিয়া বালিৰে কচুপাতত,

লুকাভাকু খেলিছিলো৷

কঠাঁলৰ আঠাৰে জিঞা ধৰিবলৈ দৌৰিছিলো৷

পানীত সাতুৰি প্রতিযোগিতা কৰিছিলো৷

নদীত মাছ মাৰিবলৈ লগত গৈছিলো৷

পথাৰত চিলা উৰাবলৈ দৌৰিছিলো৷

সেই সময়ত,

হৃদয়টো আছিল "সুকোমল"

বুজিবলৈ সহজ আছিলা তুমি

দেখাত হাহিমূখীয়া!

অথচ পৰিবেশটো শিক্ষিত নাছিল৷

দিনবোৰ ভাগৰি যোৱাৰ লগে লগে,

আজিৰ খেয়ালী সমাজত,

সমস্যা বহুল যান্ত্ৰিক যাত্ৰাই

নতুনত্বৰ খোজে,

পুৰণি স্মৃতিবোৰ পাহৰি,

নিজ পৰিচয়ৰ পৰা,

বহু দূৰলৈ আতৰি গৈছা৷

জন্মভূমি, আত্মীয়তাৰ পৰিচয়

সলনি হৈছে৷

ভীৰৰ মাজত নিজক আতৰাবলৈ

অচিনাকী ৰূপত....

যেন!!!

এক বিশ্ৰাম বিহিন পথিক৷

*********************

#ৰাজিদুল_ইছলাম

কবিতা

এক অন্ধকাৰ অমানিশা

 বাৰিষাৰ দৰে আহি সিঁচিছিলা বুকুত আশাৰ বীজ, হৃদয়ত প্রতিটো চুকত ফুলি উঠিছিল কহুৱা ফুল৷ লাহে লাহে সপোন বোৰ পাহি মেলিছিল! আশাবোৰ জাগি উঠিছিল প্র...