Tuesday, May 21, 2019

তথাকথিত মিঞা আৰু কিছু চিন্তা

প্রতক্ষ্য ভাবে কবলৈ গলে, মিঞা নামৰ কোনো জনগোষ্ঠীক প্রচলিত সমাজ ব্যৱস্থাই স্বীকৃতি দিয়া নাই আৰু ইতিহাসৰ পাতত ও পোৱা নাই। যিমান দূৰ মোৰ সীমিত অধ্যয়নে কয় - মিঞা হৈছে এটা পাৰ্চী মূলীয় সম্ভোদন সূচক শব্দ যাৰ অসমীয়া প্রতি শব্দ হয় - সন্মানীয়, ডাঙৰীয়া, মহাশয় আদি। অসমৰ বাহিৰত এই শব্দটো প্রকৃত অর্থতেই ব্যৱহাৰ কৰা হয় যদিও অসমত কিন্তু এটা নির্দিষ্ট ভাষা-বাসী জনগোষ্ঠীৰ মানুহক ঠাট্টা বা উপলুঙা বা নীচ বুলি দেখুৱাবৰ বাবেই ব্যৱহাৰ কৰা হয়। এইখিনিতে আন এটা কথা কৈ থব বিচাৰো যে - কোনো জনগোষ্ঠীয়েই বিশেষ নাম লৈ সৃষ্টি হোৱা নাই , পৰিবেশ, পৰিস্থিতি আৰু বাসস্থানৰ অবস্থানে নতুন নাম লোৱাত কাৰক হিচাবে কাম কৰিছে। ইতিহাসৰ পাত লুটিয়ালেই এনে হাজাৰ টা উদাহৰণ পোৱা যায়। এনেকি আমাৰ অসমত ও ২০০ বছৰ আগলৈ বর্তমান দপদপাই থকা বহু কেইটা জনগোষ্ঠীৰ নাম গোন্ধ ও নাছিল।

উপলুঙা কৰি হলেও আমাক কিয় 'মিঞা ' বুলি কয় আৰু কেতিয়াৰ পৰা আৰম্ভ হল এই প্রথা -

ইতিহাসৰ পাত খুলিলে দেখা যায় যে ১৮৫৭ চনত কিছু সংখ্যক বঙ্গবাসী জমিদাৰ বংশৰ লোক ইংৰাজ সকলক সহায় কৰিবলৈ লৈ আহে আৰু এই মানুহখিনি উচ্চ বংশৰ পদবীধাৰী হোৱা কাৰণেই ইংৰাজ বিষয়া সকলে মিঞা বুলি সম্বোদন কৰিছিল। সেয়া আছিল আৰম্ভণি আৰু পৰৱৰ্তী পৰ্যায়ত ১৮৯০ ৰ পৰা ১৯২০ লৈকে অধিক লোক আমদানি কৰিছিল তদান্তীন ব্রিটিশ চৰকাৰে বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে। ইয়াৰ মাজতে মৌলানা আব্দুল হামিদ খান ভাসানীয়ে ভূমিহীন বঙ্গৰ এই শ্রমজীৱী মানুহখিনিক নতুন সপোন দেখাইছিল যদি ও কালৰ বিষম পৰিণতিত আৰু তেখেতৰ নিজস্ব ভুল সিদ্ধান্তত এই শ্রমজীৱি মানুহ খিনি আকৌ দিশহাৰা হৈ পৰিছিল। তদান্তীন অসম বিধান সভাৰ MLA ভাসানী নবগঠিত পাকিস্তান লৈ গুচি গৈছিল কিন্তু এই শ্রমজীবী , অশিক্ষিত, ভূমিহীন মানুহখিনি অসমতেই ৰৈ গৈছিল আৰু স্বর্গীয় শৰৎ চন্দ্র সিংহৰ লগ লাগি গ্রুপিংৰ বিৰোধীতা (১৯৪৬) কৰি অসমতেই থকাটো নিশ্চিত কৰিছিল। দেশ বিভাজন হৈ গৈছিল কিন্তু এই শোষিত শ্রম জীবি মানুহখিনি নিজকে অসমীয়াৰ মাজত বিলীন হোৱাৰ প্রতিশ্রুতিৰে অসমতেই থাকি গৈছিল আৰু এই মানুহখিনিক আমাৰ কিছুমান 'অতি জাতীয়তাবাদী' নেতা সকলে উপলুঙা কৰিবলৈ 'মিঞা' বুলি মাতিবলৈ আৰম্ভ কৰিছিল। (বিতর্ক এৰাবলৈ নাম বোৰ উল্লেখ কৰাৰ পৰা বিৰত থাকিলো। )

ইচ্ছা নাথাকিলেও বা সৎ সাহস নাথাকিলেও সময়ৰ আহ্বানৰ প্রতি লক্ষ্য ৰাখি কিছু কথা কব লগা হয় যদিও সেয়া অপ্রিয় সত্য হয়। কলেজত পৰি থকা অৱস্থাত হোমেন বৰগোহাঞি চাৰৰ "কি নাম দি মাতিম তোমাক" বুলি ধাৰাবাহিক লিখিনি পঢ়িছিলো (সম্ভৱত আমাৰ অসমৰ পাতত), সেয়া অতি কমেও ২০+ আগৰ কথা।

অসমৰ আটাইতকৈ পিছপৰা দুটা জনগোষ্ঠীৰ বিষয়ে কিছুদিন আগত আগত এটা প্রবন্ধ লিখিছিলো, হয়তো বহুতৰে মনত আছে। ইয়াৰে এটা জন গোষ্ঠীৰ নাম ইতিমধ্যে হৈ গল - প্রায় এক কৌটি জনসংখ্যাৰ প্রব্রজিত জনগোষ্ঠীটোক "চাহ জনগোষ্ঠী" (Tea Tribe of Assam) বুলি চৰকাৰী কাগজে পত্রে পোৱা যায় কিন্তু আনটো প্রব্রজিত জনগোষ্ঠীৰ আজিলৈ সর্ব সম্মত নাম নাই। পৰিতাপৰ বিষয় - এই জনগোষ্ঠী টোত ও প্রায় এক কৌটি মানুহ আছে, এনেকি "চাহ জনগোষ্ঠী" ৰ তুলনাত শিক্ষিতৰ হাৰ বেছি। কোনোবাই মানি নললেও এটা কথা সত্য - অসমৰ এনেকুৱা এটা চহৰ বিচাৰি পোৱা নাযাব যিখনত এই জনগোষ্ঠীৰ চাকৰিয়াল নাই। লগে লগে আন এটা কথা লক্ষণীয় হ'ল যে- এই জনগোষ্ঠীৰ পৰা উঠি অহা বা আর্থিক ভাবে স্বচছল হোৱা বেছি সংখ্যকেই নিজৰ জনগোষ্ঠীৰ কথা পাহৰি গৈছে। যাৰ ফলত দৰিদ্র শ্রেণীটোৱে তথাকথিত মূলসুঁতিৰ পৰা দিনে দিনে বহু যোজন দূৰলৈ গৈ আছে। যিসময়ত অসমৰ আন আন জনগোষ্টীয়ে নিজৰ অধিকাৰ, বেলেগ ৰাজ্য , বিশেষ সুবধা আদিৰ বাবে আন্দোলন আছে ,সেই সময়টোতেই এটা জনগোষ্টীৰ হাজাৰ হাজাৰ পুৰুষ মহিলা ডিটেনছন কেম্পত নৰকৰ যন্ত্রনা ভুগি আছে . কিছুমানে চৰকাৰী বুলড্ৰজাৰৰ চেপাত ঘৰ বাৰী হেৰুৱাই গছৰ তলত ,ঝাউবনত আশ্ৰয় লৈছে। ৰাজ্যখনত সহস্রাধিক মহাবিদ্যালয়ৰ অধ্যাপক ,হাজাৰোধিক উকিল, ডাক্তৰ, ইঞ্জিনিয়াৰ আদিয়ে বোবা হৈ বহি আছে। এনে ভাব হয় যেন তেখেত সকলৰ কোনো দায় দায়িত্বই নাই এই জনগোষ্টীটোৰ প্ৰতি ,অকল নিজৰ লৰা ছোৱালীক ডক্টৰ, ইঞ্জিনিয়াৰ কেনেকৈ বনাব তাৰে চিন্তাত মছগুল হৈ আছে। আজিও চেতনা অহা নাই - অনাগত দিনত বা কি হয় ।

এই জনগোষ্ঠীটোৱে প্রথমে ভাষা বিসর্জন দিলে,জাতীয় পৰিচয় বিসর্জন দিলে, ছব ঠিকেই আছিল, কলা -সংস্কৃতি বিসর্জন দিলে, সেয়াও ঠিকেই আছিল কিন্তু প্রতি মুহূৰ্ততে নাগৰিকত্ব কাঢ়ি নিয়াৰ কুটিল ৰাজনীতি চলি থাকে । ইতিহাসৰ পাতৰ পৰা দেখা যায় যে - যদি এই ষড়যন্ত্র সফল হয় তেন্তে দ্বিতীয় ম্যানমাৰৰ ৰোহিঙ্গা হোৱাত কোনোৱেও ৰক্ষা কৰিব নোৱাৰে। মন কৰিবলগীয়া কথা - এই জনগোষ্ঠীটোক - যাৰ যি মন যায় নামকৰণ কৰি লয় - যথা - ন-অসমীয়া, লোহিত্য সম্প্রদায়, চৰ চাপৰি সম্প্রদায়, মৈমনসিঙীয়া, ভাটিয়া, চৰুবা, মিঞা, গেদা, বঙ্গাল, মিঞা বঙ্গাল, মিঞা মানসি আদি।

''মিঞা' জনগোষ্ঠী নামটো বহুতেই পছন্দ নকৰে আৰু কিয় নকৰে, তেখেত সকলে জানিব, ইয়াত মোৰ নিজস্ব মতামত মূল্যহীন। কিছুমানৰ মন্তব্য - 'যেতিয়া মিঞা নামৰ কোনো জনগোষ্ঠীয়েই নাই তেন্তে মিঞা সংস্কৃতি আহিব কৰা পৰা, কোনোবাই মানি ললেও আমি অসমীয়া আৰু মানি নললেও আমি অসমীয়া।'

১২০+ অতিক্রম কৰাৰ পিছত এতিয়া আৰু পিছফালে উভতি যোৱাৰ পথ বন্ধ হৈ পৰিছে। যিসকল লোক এই অসম ভূমিলৈ 'বাঙালি' হিচাবে আহিছিল সেই সকলোৰ এজন ও জীৱিত নাই। আমাৰ নব প্রজন্মই এই অসম ভূমিতেই জন্ম লৈছে , ইয়াৰে বায়ু , পানী , মাটিৰ সংস্পৰ্শত ডাঙৰ দীঘল হৈছে গতিকেই অসমীয়া বাদে অন্য পৰিচয়ৰ প্রয়োজন নাই। অত্যাধিক আগ্রহী বুলি অনুভৱ কৰিলে চাপৰিৰ 'অসমীয়া মুছলমান' নামটো বিবেচনা কৰিব পাৰে।

আন এটা অপ্রিয় সত্য উনুকিয়াব বিচাৰো - এই মানুহখিনি পেটৰ তাড়নাতেই হওক বা অন্য যিকোনো কাৰণেই প্রব্রজনৰ আদিতেই নিজস্ব কলা-কৃষ্টি , ভাষা-সংস্কৃতি ত্যাগ কৰিছে, সেয়া আছিল এক প্রাকৃতিক পৰিঘটনা। অন্য বস্ত্র আৰু বাসস্থানৰ তাগিদাত এই প্রব্রজন ঐতিহাসিক ভাবেই চলিয়েই আছে আৰু আগলৈ ও থাকিব। যিটো জনগোষ্ঠীৰ নিজস্ব ভাষা সংস্কৃতি নাই সেই জনগোষ্ঠী কোনো দিনেই জাতি হিচাবে পৰিচয় দিব নোৱাৰে , মানৱ সভ্যতাৰ ৫০০০ বছৰৰ ইতিহাসে এই কথাকেই কৈ আছে। গতিকে অসমীয়া জাতিত সম্পূর্ণ ৰূপে লীন যোৱাটোকে বহুতেই উত্তম বুলি মত প্রকাশ কৰিছে।

এই তথাকথিত 'মিঞা' জনগোষ্ঠীৰ শিক্ষিত সমাজলৈ - কৰযোৰ অনুৰোধ , নিজৰ মাজৰ ৰাজনৈতিক, অর্থনৈতিক আদি ভেদাভেদ পৰিহাৰ কৰি , আপোনালোকে অসমীয়া মূলসুঁতিৰ সুহৃদয় সকলৰ লগত বহি আলোচনা কৰি, এই অৱহেলিত, লাঞ্চিত, বঞ্চিত, আৰু কলংকিত জনগোষ্ঠী টোৰ এটা সর্ব সম্মত নাম দিয়ক যিয়ে আন দহটা অসমীয়া জনগোষ্ঠীৰ সহযোগী হৈ বৃহত্তৰ অসমীয়া জাতিৰ অংগ হব পাৰে আৰু অসমীয়া সমাজ জীৱনত স-সম্মানে জীয়াই থকাৰ অধিকাৰ পায়।
লেখক:মাইনুদ্দিন,বৰভিটা

1 comment:

কবিতা

এক অন্ধকাৰ অমানিশা

 বাৰিষাৰ দৰে আহি সিঁচিছিলা বুকুত আশাৰ বীজ, হৃদয়ত প্রতিটো চুকত ফুলি উঠিছিল কহুৱা ফুল৷ লাহে লাহে সপোন বোৰ পাহি মেলিছিল! আশাবোৰ জাগি উঠিছিল প্র...