Tuesday, May 21, 2019

অসমত অসমীয়া মুছলমানৰ ইতিহাস

অসমত অসমীয়া মুছলমানৰ ইতিহাস লৈ একাংশ হালধীয়া বুদ্ধিজীৱিয়ে হালধীয়া মন্তব্য দিয়াক লৈ ধুবুৰী জিলাৰ জনতা এক প্ৰকাৰ ক্ষোভ প্ৰকাশ কৰিছে । আহকচোন অলপ ইতিহাস চাও দেখো যে , অসমত অসমীয়া মুছলমানৰ কিবা অস্তিত্ব আছিল নে নাই । হালধীয়া বুদ্ধিজীৱিয়ে উক্ত মন্তব্য কল্পনা কৰি কৈছে নে কোনো বা সংগঠনৰ দালালি কৰিছে , সেয়াই জুকি চাও ।  ১২০৫ চন । আহোমসকল অসমলৈ অহা প্ৰায় ২৫ বছৰ মান আগৰ কথা যেতিয়া প্ৰথমজন অসমীয়া থলুৱা ব্যক্তিয়ে ইচলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু প্ৰথম ইছলাম গ্ৰহণ কৰা জন আন কোনো নাছিল তেঁও আছিল মেচ জনগোষ্ঠীৰ প্ৰধান “আলী মেচ” । আৰু এইয়াই হৈছে অসমীয়া মুছলমানৰ আৰম্ভণি । সেই বছৰতেই বৰ্তমান তুৰ্কীৰ পৰা চীনদেশ আক্ৰমণ(১২০৬ চনৰ ২৭ মাৰ্চ (27 th  march 1206) ) কৰিব আহোতে কিছু তুৰ্কীৰ যোদ্ধা অসমৰ যোদ্ধাৰ লগত পৰাস্ত হৈ অসমতে থাকি যায় আৰু অসমকে নিজৰ বুলি সাবতি লয় ।এনেকৈ হয়তো আৰম্ভ হ’ল অসমীয়া মুছলিম সমাজৰ । আহকচোন আমি এতিয়া চাঁও অসমীয়া মুছলমানসকলক ভাষা-সংস্কৃতি , বৃত্তি­ আদিৰ পটভূমিত কেইটা ভাগত ভগাব পাৰি আৰু সেইকেটা কি কি ? (১)গৰীয়া , (২)চৈয়দ-দাৱন  (৩) মৰীয়া ,  (৪) দেশী , (৫) মণিপুৰি , (৬) জোলা আৰু (৭)পৃৰ্ববঙ্গীয় মূলৰ মুছলমান । (১)গৰীয়া :ত্ৰয়োদশ শতিকা(13 th century) ৰ পৰা অসমত বন্দী হৈ ৰৈ যোৱা মুছলমান সৈন্য , পীৰ , ফকীৰ , আউলীয়া আদিৰ বংশধৰ , মুছলমান শাসকাধীন নামনি অসমলৈ কাষৰীয়া গৌড় ৰাজ্যৰ পৰা অহা মুছলমানসকলক গৰীয়া বুলি কোৱা হয় । বৃত্তিগত ব্যৱধান থাকিলেও এইসকলৰ ধৰ্মীয় উপসনা পদ্ধতি আৰু সাজ-সজ্জা একে । এইসকলৰ সকলোৱে গৌড় বা গৌড় দেশৰ মাজেদি প্ৰবেশ কৰা বাবে থলুৱা লোকসকলে গৌড়ীয়া বুলি কৈছিল আৰু কালক্ৰম গৰীয়া বুলি জনাজাত হল । উল্লেখ যোগ্য যে , সকলো গৰীয়া মুছলমান অসমীয়া মুছলমান , কিন্তু সকলো অসমীয়া মুছলমান গৰীয়া নহয় ।২) চৈয়দ-দাৱন:আজান ফকিৰ আৰু তেঁওৰ সহযোগী সকলৰ বংশধৰ সকলক অসমত দাৱন বুলি জনা হয় । মধ্যযুগৰ অসমৰ মুছলমানসকলৰ মাজত দাৱন সকলে ধৰ্মীয় কাম-কাজৰ পুৰোহিত হিচাপে জীৱন-নিৰ্বাহ কৰিছিল আৰু এই দাৱনসকলক ’চৈয়দ’ গোষ্ঠীৰ লোক বুলিও কোৱা হয় । এইসকলে নিজকে হজৰত মহম্মদ(ছ:)ৰ বংশধৰ হিচাপে পৰিচয় দিয়ে । এই চৈয়দসকলৰ কোনোবা আহিছিল যুদ্ধবন্দী হিচাপে অথবা কোনোবা আহিছিল ধৰ্মপ্ৰচাৰ কৰিবলৈ । অসমৰ আন মুছলমানসকলে দাৱনসকলক ধৰ্মীয় গুৰু হিচাপে মানি লৈছিল । গাঁওৰ মছজিদৰ ইমামতি কৰা ; ধৰ্মীয় শিক্ষানুষ্ঠানসমূহ পৰিচালনা কৰা , নিকাহ কাৰ্য সমধান কৰা আদি গুৰুত্বপূৰ্ণ ধৰ্মীয় কামসমূহৰ গুৰিধৰোতা সমূহ আছিল দাৱনসমূহ । ৩)মৰীয়া:মৰীয়া সকল হৈছে এটা বিশেষ বৃত্তিৰ ওপৰত ভিত্তি কৰি অসমত থাকি যোৱা যুদ্ধবন্দী মুছলমান । এইসকল মুছলমান কৰ্মপটু খনিকৰ আছিল । গতিকে বন্দীৰ পৰা মুকলি হোৱাৰ পাছত এইসকল মুছলমানে তেঁওলোকৰ বৃত্তি অনুসৰি অসমত পিতল মৰিয়াই তাৰ পৰা সুন্দৰ সুন্দৰ কলহ লোটা , চৰিয়া , চাকি আদি তৈয়াৰ কৰিবলৈ ধৰিছিল । থলুৱা লোকসকলে যেতিয়া প্ৰথমে এই বন্দী মুছলমানসকলক দেখিছিল তেতিয়া আটাইয়ে মৰিয়াই মৰিয়াই বাচন-বৰ্তন তৈয়াৰ কৰি আছিল । সেইহে থলুৱা লোকসকলে তেঁওলোকক মৰিউৱা বা মৰিয়া কবলৈ ধৰিলে । (৪)দেশী মুছলমান: দেশী মুছলমানসমূহ অসমৰ খিলঞ্জীয়া লোক । বৰ্তমান গোৱালপাৰা , ধুবুৰী , বঙাইগাঁও আদিত চতুৰ্দশ শতিকাৰ পৰা বাস কৰি অহা মুছলমানসকলক দেশী মুছলমান বোলা হয় । চতুৰ্দশ শতিকাত( 14  th century) ৰজা চক্ৰধ্বজে ৰুকুনুদ্দিন বাবাক চাহক ৰাজ্যৰ একাংশ এৰি দিয়াৰ লগতে নিজেও ইচলাম ধৰ্ম গ্ৰহণ কৰিছিল । ফলস্বৰুপে তেঁওৰ পৰিয়ালৰ লগতে প্ৰজাবৰ্গৰ কিছু সংখ্যক মানুহ মুছলমান হোৱাটো স্বাভাবিক । ইয়াৰোপৰিও ইটাখুলি ৰণৰ পাছত যিহেতু মানাহ নদী আহোম আৰু মোগলৰ সীমা হৈ পৰিছিল । গতিকে মানাহৰ পশ্চিমত অৱস্থিত অবিভক্ত গোৱালপাৰা জিলা ২০০ বছৰোধিক কাল ব্ৰিটিছ আগমণলৈকে মোগল সম্ৰাজ্যৰ অধীন হৈ আছিল । ফলত যথেষ্ট খিনি মানুহ মুছলমান হৈ পৰিছিল । এঁওলোকক দেশী মুছলমান বুলি জনা যায় । (৫) মণিপুৰি মূছলমান : কেইবা শতিকা জুৰি বৰাক উপত্যকাৰ কাছাৰ জিলাত বাস কৰি অহা মণিপুৰী মূলৰ মুছলমানসকলে নিজৰ ভাষা-সংস্কৃতি পালন কৰি অহাৰ লগতে বৰাক  উপত্যকাৰ থলুৱা সংস্কৃতিও আদৰি লৈছে । অৱশ্যে নিজৰ সংস্কৃতি পাহৰি নগলেও এইসকলে দেহ-মন অসমৰ প্ৰতিয়ে সমৰ্পন কৰিছে । এঁওলোকে নিজৰ মাজতে বিয়া বাৰু কৰায় আৰু মণিপুৰি বা বাংলাভাষাত পঢ়া-শুনা কৰে । (৬) জোলা মুছলমান : চাহ শ্ৰমিক ৰূপে অসমলৈ অহা মুছলমানসকলক জোলা মুছলমান বুলি জনা যায় । এঁওলোক মূলত দুটা ভাগত বিভক্ত -চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক । কিছুমান চাহ শ্ৰমিক আজিও বাগিছা বোৰত কাম কৰি থকা দেখা যায় । আনহাতে , অন্যান্য চাহ শ্ৰমিক যিসকলে বৰ্তমান স্বইচ্ছাই বাগিছাৰ পৰা অব্যাহতি লৈ অন্য কৰ্মত মনোনিবেশ কৰিছে , তেঁওলোকক প্ৰাক্তন চাহ-শ্ৰমিক বুলি জনা যায় । জোলা মুছলমানসকল প্ৰায় ডেৰশ শতিকা ধৰি অসমত বসবাস কৰি আহিছে যদিও বাগিছাৰ চৌহদতে আবদ্ধ হৈ থকাৰ বাবে বৃহত্তৰ অসমীয়া সমাজৰ পৰা বহুখিনি আঁতৰত । বৰ্তমান চাহ বাগিছাত বাস কৰা সকলে পূৰ্ববৰ্তী ভাষাতে কথা পাতি আহিছে । আনহাতে প্ৰাক্তন চাহ শ্ৰমিকসকল শিক্ষা-দীক্ষাত বহুখিনি আগবাঢ়ি গৈছে । ভাৰতৰে ঝাৰখণ্ড পৰা অহা এইসকল অদূৰ ভবিষ্যতে বৃহত্তৰ অসমীয়া জাতিত বিলিন হোৱাৰ সম্ভাৱনা অধিক । (৭)পৃৰ্ববঙ্গীয় মূলৰ মুছলমান : প্ৰকৃততে অসমৰ মুছলমানৰ অধিকাংশই হৈছে পৃৰ্ববঙ্গীয় মূলৰ মুছলমান । পৃৰ্ববঙ্গীয় মূলৰ হ’লেও ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ পৃৰ্ববঙ্গীয় মূলৰ মূছলমানৰ মাজত পাৰ্থক্য দেখা যায় । যিহেতু বৰাক উপত্যকাৰ এটা বৃহৎ অঞ্চল পূৰ্বতে বংগদেশৰ অন্তৰ্ভূক্ত আছিল , গতিকে ইয়াত থলুৱা সংস্কৃতিৰ প্ৰভাব কম দেখা যায় আৰু বংগীয় সংস্কৃতিৰ প্ৰভাব অধিক হোৱা দেখা যায় । আনহাতে পৃৰ্ববঙ্গীয় মূলৰ অধিকাংশ ই উনবিংশ( ১৯ th century) আৰু বিংশ শতিকা (২০ th century) ত অহা লোক । অসমত বাস কৰি অহা এই পৃৰ্ববঙ্গীয় মূলৰ মুছলমান লোকসকলৰ মাজত পূৰ্ববংগীয় ভাষা-সংস্কৃতি প্ৰচলন হৈ থকা দেখা যায় । বহুতে এই সকল লোকক অভিবাসী মুছলমান বুলি কোৱা দেখা যায় । তদুপৰি এই মুছলমানসকলক পমুৱা বা চৰ-চাপৰিবাসী বুলিও জনা আছে । এইসকলক বহুতেই মিঞা মুছলমান বুলি কোৱা দেখিবলৈ পোৱা যায় । আমি জনাত এই মিঞা শব্দটোৰ অৰ্থ ডাঙৰীয়া । কিন্তু এই মিঞা শব্দটো সন্মানসূচক ৰূপে আজিৰ সমাজত ব্যৱহাৰ কৰা দেখা নাযায় । আশা কৰিছো অদূৰ ভবিষ্যতে পৃৰ্ববঙ্গীয় মূলৰ মুছলমানসকলৰ এটা সৰ্বজন স্বীকৃত সন্মানজনক নাম প্ৰচলন হব । সাংস্কৄতিক ক্ষেত্ৰৰ ফালৰ পৰা চালে অসমীয়া মুছলিম আৰু অসমীয়া কথিত মুছলিমৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে । যিকোনো মানুহে আমাৰ মাতৃভূমিলৈ আহি আমাৰ ভাষা শিকিব পাৰে । উদাহৰণস্বৰুপে প্ৰত্যক ইংৰাজী কথিত ব্যক্তি যিদৰে ব্ৰিটিছ হ’ব নোৱাৰে , থিক একেদৰে প্ৰত্যকজন অসমীয়া কথিত ব্যক্তি অসমীয়া হ’ব নোৱাৰে । অসমত শুদ্ধকৈ অসমীয়া কোৱা দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ মানুহ বাস কৰি আহিছে আৰু অকল অসমীয়া ক’ব  পৰাৰ কাৰণেই তেঁওলোকক অসমীয়া বুলি ধৰি লোৱাটো ভূল হ’ব । মানৱ ইতিহাসত অনাদিকালৰ পৰাই মানব প্ৰবজনৰ সঠিক প্রমাণ পোৱা যায় । ঠিক একেদৰে অসমতো বিভিন্ন ঠাইৰ পৰা মানুহ আহি বাস কৰি আহিছে । আজান ফকিৰ ইৰাকৰ বাগদাদ চহৰৰ পৰা আহিছিল আৰু শংকৰদেবৰ জন্ম হৈছিল কান্যকুব্জৰ পৰা অহা বাৰভূঞাৰ ঘৰত আৰু আজি আমি অসমক শংকৰ-আজানৰ দেশ বুলিও কঁও । এইয়াই হৈছে আমাৰ সোণৰ অসমৰ অসমীয়া আৰু সেই বাবেই হয়তো অসম গৌৰৱ ড: ভূপেন হাজৰিকাই গাইছিল – “মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীর্থ , কত যুগ ধৰি আহিছে প্রকাশি , সমন্বয়ৰ অর্থ । সুদূৰ কান্যকুব্জৰে পৰা বাৰভূঞা আহিছিলে , সেই বংশতে শংকৰদেউ ইয়াতে জনমিলে । মৰুৰ দেশৰে আজান ফকীৰে , মধুৰ জিকিৰ ৰচিলে , দিল্লীৰ দিলোৱাৰে আহি হস্তী-পুথি আঁকিলে” । আল্লাহে পবিত্ৰ কোৰাণত উল্লেখ কৰিছে “হে মানৱ জাতি , মই তোমালোকক এযোৰ পুৰুষ আৰু মহিলাৰ পৰা সৃষ্টি কৰিছো আৰু তোমালোকক উপজাতি , দেশ হিচাপে বিভক্ত কৰিছো যাতে তোমালোকে এজনে আনজনক জানিব পাৰা । ঈশ্বৰ কাষত আটাইতকৈ সন্মানিত ব্যক্তি সেইজন যিজন আটাইতকৈ ধাৰ্মিক ব্যক্তি ” (আল কুৰআন , অধ্যায় ৪৯ , আয়াত ১৩) । গতিকে উপৰোক্ত শ্লোকটিয়ে প্ৰমান কৰে যে , আল্লাহয়ে আমাৰ মাজত বিভিন্ন উপজাতি আৰু দেশসমূহৰ সৃষ্টি কৰিছে আৰু বাস্তৱত এইটো সত্য । ইয়াৰোপৰিও ভাষাগত আৰু বৰ্ণগত দিশৰ পৰাও বিভিন্ন উপজাতিৰ মানুহ বিভিন্ন । উদাহৰনস্বৰুপে পৃথিৱীৰ বিভিন্ন স্থানত থকা আৰবীয়ান মুছলিম , আফ্ৰিকান মুছলিম , ব্ৰিটিছ মুছলিম , চীনা মুছলিম ইত্যাদিৰ জাতিগতভাবে বেলেগ-বেলেগ । থিক একেদৰে আমি জাতিগতভাবে আৰু ভাষাগত ভাবে আৰবীয়ান মুছলিম , আফ্ৰিকান মুছলিম ইত্যাদিৰ পৰা পৃথক , কিন্তু পৃথক মানে এইটো নুবুজায় যে আমি এটি সম্পূৰ্ণভাবে বেলেগ এটি ইছলাম ধৰ্ম অনুসৰণ কৰিম । আমি জাতিগত আৰু ভাষাগতভাবে পৃথক যদিও ইচলামৰ একেডাল ৰছিৰ বান্ধোনৰে আবৃত যিহেতু আল্লাহয়ে পবিত্ৰ কোৰাণত কৈছে “আৰু তোমালোকে আল্লাহৰ ৰাস্তাৰ ৰছি সঠিকৈ ধৰি লোৱা আৰু কেতিয়াও তোমালোক বিভক্ত নহবা ” (আল কুৰআন , অধ্যায় ০৩ , আয়াত ১০৩) । এতিয়া কোনোবাই যদি ইচলাম ধৰ্ম গ্ৰহন কৰে তেতিয়া তেঁওৰ কাৰণে ইচলাম ধৰ্মৰ নিয়মসমূহ মনে-প্ৰাণে অনুসৰণ কৰাটো বাধ্যতামূলক হৈ পৰে । কাৰণ আল্লাহতালাই কৈছে “হে বিশ্বাসীসকল , তোমালোকে ইচলাম ধৰ্মত অকপটে প্ৰৱেশ  কৰা আৰু দুৰ্বৃত্ত সকলৰ পদানুসৰণ নকৰিবা , তেঁওলোক হৈছে স্বীকৃত শক্ৰ ” (আল কুৰআন , অধ্যায় ২ , আয়াত ২০৮ ,২০৯) । গতিকে যদি কেতিয়াবা এজন অসমীয়া অ-মুছলমানে ইচলাম ধৰ্ম গ্ৰহণ কৰে তেঁওৰ বাবে ইচলামৰ বিৰুদ্ধে যোৱা নিয়মসমূহ ত্যাগ কৰাটো প্ৰয়োজনীয় । আমাৰ ধৰ্মৰ নিয়মানুসৰি যিকোনো ক্ষেত্ৰতেই আমাৰ মনত সকলোতকৈ আগস্থান লাভ কৰা বস্তুটি হৈছে ইচলাম । উদাহৰণস্বৰুপে বিহু নৃত্যৰ ক্ষেত্ৰত আমি ওলাই গৈ বিহু নৃত্যত অংশ গ্ৰহণ কৰিব নোৱাৰো , কাৰণ ইচলামে সাৰ্বজনিকভাৱে বেপৰ্দাৰ অনুমতি নিদিয়ে । কিন্তু বিহু নৃত্যত অংশ গ্ৰহণ নকৰাৰ বাবেই এজন ব্যক্তিক অনা-অসমীয়া বুলিব নোৱাৰি কাৰণ ই তেঁওলোকৰ জাতিগত উৎপত্তিৰ উৎসৰ পৰা আঁতৰাই নিব নোৱাৰে । আব্দুৰ ৰহিম গ্ৰীন নামৰ বিখ্যাত ব্ৰিটিছ মুছলমান গৰাকী ইচলাম গ্ৰহণৰ পূৰ্বে এজন খ্ৰীষ্টিয়ান আছিল । পূৰ্বত তেঁওৰ নাম আছিল Anthony Vatswaf Galvin Green । আজি তেঁও বিশ্বৰ এজন বিখ্যাত ইচলামী বক্তা আৰু পণ্ডিত । গতিকে ইচলাম ধৰ্ম গ্ৰহণ কৰা পাছত তেঁও বহুতো অনা-ইচলামী ব্ৰিটিছ সংস্কৄতি ত্যাগ কৰিব লগাত পৰিছে , কিন্তু সেইবুলি তেঁও অনা-ব্ৰিটিছ হৈ যোৱা নাই যিদৰে আগত উল্লেখ কৰা হৈছে যে , ধৰ্ম পৰিবৰ্তনে এজন ব্যক্তিক তেঁওৰ জাতিৰ উত্পত্তিৰ উত্সৰ পৰা আঁতৰাই আনিব নোৱাৰেৱে  । গতিকে সদৌ শেষত মই ক’ব খোজো যে অনা-ইচলামী সংস্কৃতিত অংশ গ্ৰহণ নকৰিলে এজন অসমীয়াক কেতিয়াও অনা-অসমীয়া কৰি তুলিব নোৱাৰে । অসমৰ মুছলমানসকলক লৈ আলোচনা হ’লে দেখা যায় যে , সদায় মুছলমানসকলক ধৰ্মীয় পৰিচয়ৰ ভিত্তিত একাকাৰ কৰা হয় , যেন মুছলমান সমাজ সম্পূৰ্ণৰুপে একেটি সদৃশ গোট । অসমৰ হিন্দু সমাজত যিদৰে আহোম , কোচ , কলিতা , বামুণ , বিহাৰী , বাঙালী , নাথ , বড়ো , ৰাভা আদি এশ এটা জাতিগত-ভাষাগত গোট বিদ্যমান , ঠিক তেনে ধৰণেৰে অসমৰ মুছলমান সমাজো বিভিন্ন জাতিগত (ethnic) আৰু ভাষাগত (Linguistic) গোটত বিভক্ত। এই গোটসমূহৰ কিছুমানৰ বিষয়ে তলত এক আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছে । কিন্তু এটা কথা পোনতে কৈ থওঁ যে , এই সূচী সম্পূৰ্ণ (exhaustive) নহয় , কেৱল নিৰ্দেশাত্মকহে । (ক) দেশী বা উজেনি বা গোৱালপৰীয়া : অবিভক্ত গোৱালপাৰা জিলা আৰু বৰ্তমান মেঘালয়ৰ গাৰো পাহাৰৰ নামনি অঞ্চলত এই জনগোষ্ঠীৰ বাস । গোৱালপৰীয়া উপভাষাৰ বিভিন্ন আঞ্চলিক প্ৰকাৰ এই জনগোষ্ঠীৰ মানুহৰ মাতৃভাষা । মূলতঃ কোচ-ৰাজবংশী , মেচ আদি জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত লোক । বখতিয়াৰ খিলজিৰ কামৰূপ অভিযান (১২০৬)ৰ সময়ত মেচ ৰজাৰ ইছলাম ধৰ্ম গ্ৰহণৰ উল্লেখ পোৱা যায় , যাক সমসাময়িক পাৰ্চি ইতিহাসবিদ মিনহাজুদ্দিন চিৰাজৰ ‘তাবাকাত-ই-নাচিৰি’ত ‘আলি মেচ’ বুলি উল্লেখ কৰা হৈছে । যদিও ‘আলি মেচ’ ৰ ধৰ্মান্তৰকৰণ অসমৰ ইতিহাসত ইছলাম ধৰ্ম গ্ৰহণৰ প্ৰথম লিপিবদ্ধ ঘ্টনা , কিন্তু অমিত দেই তেওঁৰ “Some Aspects of Sufi Movement in Bengal” ত ১০৫৩ চনতে এজন কোচ ৰজাই চুফি পীৰৰ প্ৰভাৱত ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে । ঠিক সেই দৰে সূৰ্য কুমাৰ ভূঞা দেৱেও চুফি পীৰ শ্বাহ জালালে ১১৮৯ চনত মৃত্যুৰ আগত নামনি অসমত ইছলাম ধৰ্ম প্ৰচাৰৰ কথা উল্লেখ কৰিছে । ধুবুৰীৰ পাচঁ পীৰৰ দৰগাহ আৰু গাৰো পাহাৰৰ মহেন্দ্ৰগঞ্জৰ চুফী পীৰ শ্বাহ কামালৰ দৰগাহেও স্থানীয় মানুহৰ ইছলাম ধৰ্মগ্ৰহণৰ কথা প্ৰমাণ কৰে । দেশী সকলৰ শাৰিৰীক গঠন , সামাজিক আচাৰ-আচৰণ , সাজ-পাৰ , ভাষা , লোক-সংস্কৃতি , সাধুকথা অদি সকলো ৰাজবংশীসকলৰ সৈতে একে । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বসবাস কৰা সকলে নিজকে দেশী বুলি পৰিচয় দিয়ে ; কাৰণ উত্তৰ পাৰত গোৱালপৰীয়া উপভাষাক দেশী ভাষা বুলি কোৱা হয় , আনহাতে দক্ষিণ পাৰত বসবাস কৰা সকলে নিজকে ‘উজেনি’ বুলি পৰিচয় দিয়ে । এয়া সম্ভৱতঃ  বাংলাভাষী অভিবাসী মুছলমানসকলৰ পৰা নিজৰ পৃথক পৰিচয় অক্ষুন্ন ৰখাৰ প্ৰয়াস , কাৰণ নদীৰ ভাটিত (down stream) বসবাস কৰা অভিবাসী মুছলমান সকলক ‘ভাটিয়া’ বুলি কোৱা হয় । ইয়াতে , উল্লেখ কৰিব পাৰি যে , উজেনি বা দেশীসকলৰ লগত ‘ভাটিয়া’ সকলৰ সামাজিক সম্পৰ্ক খুব মধুৰ নহয় , বৈবাহিক সম্পৰ্ক প্ৰায় নাই । (খ) ডাটিয়া: মাতৃভাষা যদিও মূলত: গোৱালপৰীয়া , কিন্তু সামাজিক আচাৰ-আচৰণ , শাৰিৰীক গঠন আদি নমঃশুদ্ৰ সকলৰ লগত মিলে , খুব সম্ভৱ নমঃশুদ্ৰৰ পৰা ধৰ্মান্তৰিত । সংখ্যাত অতি তাকৰ , মূলতঃ ধুবুৰী জিলাত বাস কৰে । মাছমৰীয়া সম্প্ৰদায় । প্ৰধান জীৱিকা মাছমৰা আৰু নাওঁ চলোৱা । চৰকাৰী সহায় সহযোগ অবিহনে এই জনগোষ্ঠীটো অতি কম সময়ৰ ভিতৰত নিঃশ্চিহ্ন হৈ যোৱাৰ আশংকা আছে । (গ) জোলা : অবিভক্ত গোৱালপৰা জিলাত বসবাস । প্ৰায় নিঃশ্চিহ্ন হৈ গৈছে । মূল জীৱিকা কাপোৰ বোৱা । তথাকথিত নিম্ন বৰ্ণৰ হিন্দুৰ পৰা ধৰ্মান্তৰিত । (ঘ) ঢুলি : খুব সম্ভৱতঃ ইতিমধ্যে নিঃশ্চিহ্ন হৈ গৈছে । মূল জীৱিকা ঢোল আদি চামৰ বস্তু বনোৱা , নিম্ন বৰ্ণৰ হিন্দুৰ পৰা ধৰ্মান্তৰিত । (ঙ) গৰিয়া : বখতিয়াৰ খিলজিৰ কামৰূপ অভিযানৰ সময়ত (১২০৬) , কামৰূপৰ ৰজা পৃথুৰ বাহিনীয়ে খিলজিৰ সৈন্যক কামৰূপ জিলাৰ কুমাৰীকাটা (ৰঙিয়াৰ ওচৰত)ত পৰাস্ত কৰে , আৰু বহু মুছলমান সৈন্যক যুদ্ধত বন্দী কৰে । সেই যুদ্ধ বন্দী সকলক পিছত ক্ষমাদান কৰি ইয়াতে মাটি-বাৰি দি থিতাপি দিয়া হয় । স্থানীয় মহিলাক বিয়া কৰোৱাৰ ফলত সৃষ্টি হোৱা এই নতুন সম্প্ৰদায়েই হ’ল গৰিয়া । নামনি অসমৰ গৰিয়া সকলৰ ইতিহাসৰ ইয়াৰ পৰাই আৰম্ভণি । গৰিয়া শব্দটো গৌড় শব্দৰ পৰা আহিছে । আনহাতে , আহোম আৰু মোগলৰ সংঘৰ্ষৰ ফলত হোৱা যুদ্ধবন্দীসকলৰ পৰা উজনি অসমৰ গৰিয়া সম্প্ৰদায়ৰ সৃষ্টি । আজান পীৰকে আদি কৰি আন চুফী পীৰ সকলৰ প্ৰভাৱত বহু স্থানীয় ব্যক্তিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰি গৰিয়া সম্প্ৰদায়ৰ সৈতে কালক্ৰমত একাকাৰ হৈ যায় । মাতৃ স্থানীয় জনগোষ্ঠীৰ হোৱাৰ ফলত গৰিয়া সকলৰ শাৰিৰীক গঠনত ইৰানী , আফগানি সকলৰ দৰে আৰ্য্যমূলীয় গঢ় যেনেকৈ দেখা যায় , স্থানীয় আহোম , বৰাহি , চুতিয়া , কছাৰী সকলৰ দৰে মংগোলীয় গঢ়ো দেখা যায় । (চ)মৰিয়া : কামৰূপ আৰু নগাওঁ জিলাত মূলতঃ বসবাস । ১৫৩২ চনত তুৰ্বকৰ অসম আক্ৰমণৰ সময়ত বন্দী হোৱা মুছলমান সৈন্য সকলক পিছত আহোম ৰজাই ৰজাৰ বাগিচা আৰু গৰু পালনৰ কাৰণে লগায় , কিন্তু সেই কাম ভাল দৰে কৰিব নোৱাৰাৰ ফলত এটা সময়ত ৰজা অতিষ্ঠ হৈ যি ইচ্ছা সেই কামকে কৰিবলৈ অনুমতি দিয়ে ।  তেতিয়া  এই সৈন্য সকলে পিতলৰ বাচন-বৰ্তন গঢ়াৰ কাম আৰম্ভ কৰে , হাতুৰিৰে কোব মাৰি মাৰি এই বাচন-বৰ্তনবোৰ গঢ়িব লাগে কাৰণে ‘মৰা’ শব্দটোৰ পৰা ‘মৰিয়া’ শব্দটোৰ সৃষ্টি । স্থানীয় বিভিন্ন জনগোষ্ঠীৰ মহিলা বিয়া পাতি তেওঁ লোকেও এক নতুন জনগোষ্ঠীৰ সৃষ্টি কৰে । (ছ) মাইমল : বৰাক উপত্যকাৰ মাছমৰীয়া সম্প্ৰদায় । মূলত হিন্দু নিম্ন বৰ্ণৰ পৰা ধৰ্মান্তৰিত । (জ) ভূঞা : বৰাক উপত্যকাৰ ভূঞা সকল এক খিলঞ্জীয়া জনগোষ্ঠী । বৰাক উপত্যকা বাংলা সমতলৰ একেবাৰে গাতে লাগি থকাৰ কাৰণে আৰু সুৰমা উপত্যকাৰ অংশ হোৱা হেতুকে , সম্ভৱতঃ উত্তৰ-পূৱ ভাৰতৰ ভিতৰতে ইছলাম ধৰ্মৰ সৈতে প্ৰথম সংস্পৰ্শত আহে । মুছলমান আৰু স্থানীয় মহিলাৰ মিলনৰ ফলত সৃষ্টি হোৱা বৰ্ণ-সংকৰ ‘কালিচা’ (মূল আৰৱী শব্দ খালাজি অৰ্থাৎ মিশ্ৰিত ৰক্ত) সকলৰ উল্লেখ ৮ম-৯ম শতিকাৰ মণিপুৰী ‘মেইতে পূয়া’ আৰু বৈষ্ণৱীয় সাহিত্যত পোৱা যায় । ভূঞা সকলৰ দৰে মাটিৰ লগত সম্পৰ্কীয় উপাধি থকা বৰাক উপত্যকাৰ সম্প্ৰদায়সমূহো যেনে চৌধুৰী , লস্কৰ , মজুমদাৰ , মণ্ডল আদি ইয়াৰে খিলঞ্জীয়া লোক । (ঝ) ‘ছান্দাৰ’ বা ‘শ্বান্দাৰ’ – মূলত : ধুবুৰী জিলা আৰু অসম-পশ্চিম বাংলা সীমান্তত বসবাস । ক্ষুদ্ৰ ব্যৱসায় এওঁলোকৰ মূল জীৱিকা । অতীতত গ্ৰাম্য অঞ্চলত ঘূৰি ফুৰি এওঁলোকে বিভিন্ন সামগ্ৰী বিক্ৰি কৰি ফুৰিছিল যাক স্থানীয় ভাষাত মণিহাৰী বুলি কোৱা হৈছিল , সম্ভৱতঃ ছোৱালী মানুহৰ সাজ-সজ্জাৰ বাবে হাৰ , মণি , পাউদাৰ আদি বিক্ৰি কৰাৰ বাবে এই নাম হ’ব পাৰে । গোলকীকৰণৰ প্ৰভাৱত এওঁলোকৰ পৰম্পৰাগত জীৱিকাৰ সলনি ঘটিছে । এই জনগোষ্ঠীটো ধৰ্মান্তৰিত হোৱাৰ খুব বেছি প্ৰজন্ম পাৰ হোৱা নাই যেন অনুভৱ হয় , এতিয়াও তেওঁলোকে নিম্নবৰ্ণ হিন্দু সমাজৰ বহু আচাৰ-আচৰণ পালন কৰা দেখা যায় । বিবাহ-পাৰ্ৱণ আদিতো বহু হিন্দু নিয়মৰ পালন হোৱা দেখা যায় । এক-দুই প্ৰজন্ম আগত বিবাহিতা মহিলাই সেন্দুৰ লোৱাৰো নিয়ম বিভিন্ন স্থানত আছিল বুলি জনা যায় । (ঞ) প’ঙ্গাল- মূলত কাছাৰ আৰু হাইলাকান্দি জিলাৰ মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চলত বসবাস ।  প্ৰচলিত ভাষাত মণিপুৰী মুছলিম বুলি জনাজাত । মাতৃভাষা মেইতে (মণিপুৰি) যদিও বৰাক উপত্যকাৰ সাধাৰণ মুছলমানে গ্ৰহণ কৰা উপাধি যেনে ৰহমান , আলি , চৌধুৰী আদি ব্যৱহাৰ কৰে । সাজ-পাৰ , কৃষ্টি-সংস্কৃতি মেইতে মণিপুৰি সকলৰ সৈতে একে । ভৌগোলিক ভাৱে নামনি ব্ৰহ্মপুত্ৰ উপত্যকা বঙ্গ সমতলৰ অংশ হোৱা হেতুকে , অবিভক্ত গোৱালপাৰা জিলাৰ চৰ-চাপৰিত নিম্ন বৰ্ণৰ হিন্দু মানুহৰ বসতি আছিল , বিশেষকৈ নমঃশুদ্ৰ সম্প্ৰদায়ৰ । কিন্তু কালক্ৰমত বিভিন্ন কাৰক যেনে উচ্চ বৰ্ণ জমিদাৰৰ অত্যাচাৰ , সামাজিক শোষণ আদিৰ প্ৰভাৱত পূৰ্ৱ-বঙ্গত যেতিয়া নিম্ন বৰ্ণৰ হিন্দু মানুহে ইছলাম ধৰ্ম গ্ৰহণ কৰে , সেই একে সময়তে এই চৰ-চাপৰিত বসবাস কৰা মানুহ খিনিয়েও ইছলাম ধৰ্ম গ্ৰহণ কৰে । গতিকে সেই যুক্তিত বহু চৰ-চাপৰিবাসীও ইয়াৰ খিলঞ্জীয়া বাসিন্দা । কিন্তু বানপানী আৰু গৰা –খহনীয়াৰ বাবে চৰসমূহৰ স্থায়ীত্ব নথকাৰ ফলত তথা একে ভাষা আৰু নৃগোষ্ঠীয় মানুহৰ বৈধ (স্বাধীনতাৰ আগত) আৰু অবৈধ প্ৰব্ৰজনৰ ফলত কোনজন খিলঞ্জীয়া আৰু কোনজন প্ৰব্ৰজিত তাক ঠাৱৰ কৰাটো সম্ভৱ নহয় । হ’লেও এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰিব যে , নামনি ব্ৰহ্মপুত্ৰ উপত্যকা , বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ পুৰণি চৰ-চাপৰি সমূহত বাংলাভাষী নমঃশুদ্ৰ হিন্দুৰ পৰা ধৰ্মান্তৰিত বাংলাভাষী মুছলমান (মিঞা)ৰ আজিৰ প্ৰজন্মক কোনেও খিলঞ্জীয়া নহয় বুলি ক’ব নোৱাৰিব । কিন্তু সমস্যাটো হ’ল ব্ৰহ্মপুত্ৰৰ গৰা-খহনীয়া আৰু একে ভাষা আৰু জনগোষ্ঠীৰ অবিৰত বৈধ-অবৈধ প্ৰব্ৰজনৰ ফলত বাংলাভাষী খিলঞ্জীয়া আৰু অভিবাসী মুছলমানৰ মাজত পাৰ্থক্য ধৰিব নোৱাৰা হৈ গৈছে । গতিকে , দেখা যায় যে , বঙ্গীয় মূলৰ মুছলমানৰ অবৈধ প্ৰব্ৰজনৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত জনগোষ্ঠীটো হ’ল বাংলাভাষী খিলঞ্জীয়া মুছলমান সকল । কিয়নো প্ৰব্ৰজনৰ প্ৰৱাহত স্থানীয় বাংলাভাষী খিলঞ্জীয়া সকলে নিজৰ সুকীয়া পৰিচয় আৰু সংস্কৃতি অক্ষুন্ন ৰাখিব পৰা নাই । ইয়াতে উল্লেখ কৰিব পাৰি যে , এতিয়ালৈকে ভাষা-সংস্কৃতিৰ পাৰ্থক্যৰ বলত গোৱালপৰীয়া , গৰিয়া , মৰিয়া আদি ইছলামধৰ্মী খিলঞ্জীয়া জনগোষ্ঠী সমূহে নিজৰ সুকীয়া পৰিচয় ধৰি ৰাখিব পাৰিছে । কিন্তু যদি চৰকাৰ তথা বৃহত্তৰ অসমীয়া সমাজৰ সহায়-সহযোগ নাপায় , তেন্তে অবৈধ প্ৰব্ৰজন তথা বঙ্গীয় মূলৰ মুছলমানৰ সংখ্যাধিক্যৰ প্ৰভাৱত এই সৰু সৰু জনগোষ্ঠী সমূহ যে অতি সোনকালে নিজৰ জনগোষ্ঠীয় পৰি্চয়ৰ সলনি ধৰ্মীয় পৰিচয়ত বিলীন হৈ যাব সেই কথা সহজেই অনুমেয় । আৰু যদিহে জনগোষ্ঠীয় পৰিচয়ৰ সলনি ধৰ্মীয় পৰিচয়েই মুখ্য হৈ যায় তেন্তে , অনতিপলমে অসমত খিলঞ্জীয়া মুছলমানৰ পৰিৱৰ্তে কেৱল ‘মুছ্লমান’ লোকহে ৰ’বগৈ । অসমৰ জাতীয় সংগঠন সমূহ , অসমৰ বুদ্ধিজীৱি , অসমীয়া ৰাইজ সকলোৱে অসমৰ খিলঞ্জীয়া মুছলমান জনগোষ্ঠীসমূহৰ ভাষা-সংস্কৃতি সংৰক্ষণৰ ব্যৱস্থা কৰিবৰ হকে চিন্তা-চৰ্চা কৰিব লাগিব । ইতিমধ্যে বহু ইছ্লামধৰ্মী খিলঞ্জীয়া জনগোষ্ঠী নিঃশ্চিহ্ন হৈ গৈছে বা হৈ যোৱাৰ পথত ; এওঁলোকক অবৈধ প্ৰব্ৰজনৰ প্ৰকোপ আৰু আৰ্থ-সামাজিক প্ৰত্যাহ্বানৰ ফলত নিঃশ্চিহ্ন হৈ যোৱাৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব আমাৰ সকলোৰে । কিন্ত কেনেকৈ ? অসমৰ খিলঞ্জীয়া মুছলমান জনগোষ্ঠী সমূহৰ ভিতৰত কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাৰ মৰিয়াসকলৰ আৰু বৰাক উপত্যকাৰ মাছমৰীয়া জনগোষ্ঠী মাইম’ল সকলৰ চৰকাৰী স্বীকৃতি আছে । এই দুই জনগোষ্ঠীৰ নিজা উন্নয়ন পৰিষদো আছে । অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ ভিতৰত কেৱল মাত্ৰ এই দুই জনগোষ্ঠীকহে অন্যান্য পিছপৰা শ্ৰেণী(OBC)ৰ অন্তৰ্ভূক্ত কৰা হৈছে । ইয়াতে উল্লেখ কৰিব পাৰি যে ইয়াৰ নিৰ্ণায়ক জাতি (Caste)নহয় , শ্ৰেণী (Class)হে । বিভিন্ন অনুন্নত জনগোষ্ঠীৰ পৰম্পৰাগত বৃত্তিৰ আধাৰত সাধাৰণতে একোটা জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰা হয় । ভাৰতৰ মুছলমান সকলৰ প্ৰায় ৪৫ শতাংশ নিজৰ নিজৰ জনগোষ্ঠীয় তথা পৰম্পৰাগত বৃত্তিৰ আধাৰত অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত । কেৰেলাৰ মুছলমান জনসংখ্যাৰ প্ৰায় ৯৯% , তামিল নাডুত প্ৰায় ৭০% , উত্তৰ প্ৰদেশত ৬০% লোক এই শ্ৰেণীৰ ভিতৰুৱা । আনহাতে , অসমত ভাৰতৰ ভিতৰতে মু্ছলমান অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ সংখ্যা আটাইতকৈ কম – কেৱল মাত্ৰ ৩%(মৰিয়া আৰু মাইমল) । গতিকে ইয়াত উল্লেখ কৰিব পাৰি যে ,  বৰাক উপত্যকাৰ মাছমৰীয়া সম্প্ৰদায় মাইম’ল যদি অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত হ’ব পাৰে , একে যুক্তিত ব্ৰহ্মপুত্ৰ উপত্যকাৰ খিলঞ্জীয়া মুছলমান মাছমৰীয়া জনগোষ্ঠীৰ ডাটিয়া সকলকো ইয়াৰ অন্তৰ্ভুক্ত কৰিব লাগে । ঠিক সেইদৰে ৰাজবংশী অথবা আহোম সকল যদি অন্যান্য পিছপৰা শ্ৰেণী হ’ব পাৰে , একে ৰাজবংশীৰ পৰা ধৰ্মান্তৰিত দেশী বা উজেনি সকলক অথবা একে আহোমৰ পৰা ধৰ্মান্তৰিত গৰিয়া সকলক কিয় অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰিব নোৱাৰি ? এইখিনিতে কোৱা ভাল যে অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত পশ্চিমবংগৰ চৰকাৰে কিন্তু খিলঞ্জীয়া মানুহৰ মাজত ধৰ্মৰ বিভেদ অনা নাই , গতিকে একে বেপাৰী , লস্কৰ বা জামাদাৰ বৃত্তিধাৰি সকলোকে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰা হৈছে , সেয়া হিন্দুৱেই হওক বা মুছলমান । এইখিনিতে কোৱা ভাল যে অসমৰ খিলঞ্জীয়া মুছলমান সকলক অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্তিৰ দাবীৰ হকে কোনো ধৰণৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্য আমাৰ নহয় , আমি কেৱল সামগ্ৰিক ছৱিখনহে দাঙি ধৰিব বিচাৰিছোঁ ।
উৎস:ফেচবুক

No comments:

Post a Comment

কবিতা

এক অন্ধকাৰ অমানিশা

 বাৰিষাৰ দৰে আহি সিঁচিছিলা বুকুত আশাৰ বীজ, হৃদয়ত প্রতিটো চুকত ফুলি উঠিছিল কহুৱা ফুল৷ লাহে লাহে সপোন বোৰ পাহি মেলিছিল! আশাবোৰ জাগি উঠিছিল প্র...