Tuesday, May 21, 2019

এন আৰ চি-ৰ খচৰা তালিকাত নাম নাথাকিলে কি কৰিব?

যোৱা ২ জুলাই ২০১৮ইং তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুযায়ী হয়তো অহা ৩০ জুলাই  ২০১৮ ইং তাৰিখে প্ৰকাশ পাব বহু প্ৰত্যাশিত NRCৰ পূৰ্ণাংগ খচৰা তালিকা। NRCৰ ৰাজ্যিক সমন্বয়কে মহামান্য উচ্চতম ন্যায়ালত ২৯ জুন  ২০১৮ ইং তাৰিখে দাখিল কৰা প্ৰতিবেদন (report) অনুযায়ী NRC-ৰ খচৰা তালিকা প্ৰকাশৰ প্ৰস্তুতিৰ কাম এতিয়াও প্ৰায় ৫ শতাংশ বাকী আছে য’ত নেকি ২২ লাখ পৃষ্ঠাৰ খচৰা তালিকাখনৰ তিনিটাকৈ প্ৰতিলিপি প্ৰকাশ পাবলৈ ২৩ তাৰিখৰ পৰা ২৯ তাৰিখলৈকে সময় লাগিব। ৰাজ্যিক সমন্বয়কে দাখিল কৰা প্ৰতিবেদন অনুযায়ী খচৰা প্ৰকাশ কৰিবলৈ ৩০ জুলাইলৈকে সময় লাগিব। ‘‘As such, it is proposed to publish the completed Draft on 30th July, 2018.’’ (Para 2 of the report) এই প্ৰতিবেদনখন পুঙ্খানুপুঙ্খ পৰীক্ষা কৰি মহামান্য উচ্চতম ন্যায়ালয়ে ৩০ জুলাই  ২০১৮ ইং তাৰিখে খচৰা তালিকা প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে


আপুনি বৈধ ভাৰতীয় হোৱাৰ পিছতো যদি এই তালিকাখনত আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত নহয় তেন্তে আপুনি শংকিত হ’ব নালাগে। তাৰ পৰিবৰ্তে আপুনি আইনে প্ৰদান কৰা সুবিধাসমূহ গ্ৰহণ কৰিবলৈ সচেতন আৰু সাজু থাকক। এতিয়া কথা হ’ল আপুনি বৈধ ভাৰতীয় হোৱাৰ পিছতো যদি এই তালিকাখনত আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত নহয় তেন্তে আপুনি শংকিত হ’ব নালাগে। তাৰ পৰিবৰ্তে আপুনি আইনে প্ৰদান কৰা সুবিধাসমূহ গ্ৰহণ কৰিবলৈ সচেতন আৰু সাজু থাকক। কিয়নো কোনো বৈধ ভাৰতীয়ৰ নাম NRC-ৰ পৰা বাদ পৰিব নোৱাৰে। NRC-ত নাম অন্তৰ্ভুক্ত নহ’লে শংকিত বা অধৈৰ্য নহৈ আইনী প্ৰক্ৰিয়াৰ মাজেৰে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিব পাৰিব। সেয়ে NRC উন্নীতকৰণ প্ৰক্ৰিয়াত বাধা দিবলৈ কৰা সকলো প্রকাৰৰ ষড়যন্ত্ৰক মষিমূৰ কৰিব লাগিব। The Citizenship (Registration of Citizens and Issue of National Identity Cards) Rules, 2003-ৰ অন্তৰ্গত Special Provisions as to Manner of Preparation of National Register of Indian Citizen in the State of Assam-ৰ দফা ২-ৰ অধীনত খচৰা তালিকা প্ৰকাশ পাব। উক্ত খচৰা তালিকাত (consolidated list) আপোনাৰ নাম অন্তৰ্ভুক্ত নহ’লে আপুনি তালিকা প্ৰকাশ পোৱাৰ ৩০ দিনৰ ভিতৰত দফা ৬-ৰ অধীনত দাবী আৰু আপত্তি (claims and objections)-ৰ সুবিধা লৈ Local Registrar of Citizen Registration-ক প্ৰয়োজনীয় নথিৰে সৈতে আবেদন জনাব লাগিব অথবা নিৰ্ধাৰিত আবেদন পত্ৰ ফিল আপ কৰি জমা দিব লাগিব। এই ক্ষেত্ৰত এটা দিশত সতৰ্ক থাকিব লাগিব যে claims and objections-ৰ আবেদন কৰিবলৈ আপুনি মাত্ৰ ৩০ দিন সময়হে পাব অৰ্থাৎ আপুনি ৩০ দিনতকৈ এদিনো বেছি পোৱাৰ সম্ভাৱনা নাই। দাবী আৰু আপত্তি (claims and objections) দফাৰ অধীনত জনোৱা আবেদন গ্ৰহণ কৰাৰ পিছত দফা ৬-ৰ উপ-দফা ৩-ৰ অধীনত NRC কৰ্তৃপক্ষই আপোনালৈ জাননী জাৰি কৰিব উপযুক্ত নথি বা তথ্য যোগান ধৰিবলৈ। তাৰ পিছত দফা ৭-ৰ অধীনত সম্পূৰক তালিকা (supplementary list) আৰু শেষত চূড়ান্ত তালিকা (final list) প্ৰকাশ কৰিব।

আন এটি গুৰুত্বপূৰ্ণ বিষয় হৈছে NRC-ৰ ৰাজ্যিক সমন্বয়কে ২৯ জুলাইত উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনখনৰ দফা নং ১০-ত উল্লেখ কৰা মতে ইতিমধ্যে প্ৰকাশ পোৱা প্ৰথমখন খচৰা তালিকাত নাম থকা ১.৯ কোটি ব্যক্তিৰ ১.৫ লাখ ব্যক্তিৰ নাম অহা ৩০ জুলাইত প্ৰকাশ পাব লগা সম্পূৰ্ণ খচৰা তালিকাৰ পৰা বাদ পৰিব।


ইয়াৰে ৬৫,৬৯৪গৰাকীৰ বংশবৃক্ষজনিত সমস্যা আৰু ৪৮,৪৫৬গৰাকী মহিলাই দাখিল কৰা লিংকেজ প্ৰমাণৰ পঞ্চায়ত প্ৰমাণ পত্ৰৰ সমস্যা আছে। ইয়াৰ উপৰি ১৯,৭৮৩গৰাকী ব্যক্তিৰ quality control exercise-ত ধৰা পৰিছে যে এইবোৰ ব্যক্তিৰ নাম খচৰা তালিকাত প্ৰকাশৰ যোগ্য নহয়। প্ৰথম খচৰা তালিকাত প্ৰকাশ পোৱা কিন্তু অহা ৩০ জুলাইত প্ৰকাশ পাব লগা সম্পূৰ্ণ খচৰা তালিকাৰ পৰা বাদ পৰিবলগা এই ১.৫ লাখ ব্যক্তিক NRC কৰ্তৃপক্ষই ব্যক্তিগতভাৱে Letter of Information (LOI)-ৰ জৰিয়তে ৭ দিনৰ ভিতৰতে জাননী প্ৰদান কৰিব যে আপোনাৰ নাম সম্পূৰ্ণ খচৰা তালিকাৰ পৰা বাদ পৰিছে আৰু দাবী আৰু আপত্তি (claims and objections)-ৰ অধীনত আবেদন কৰিব পাৰে। উক্ত Letter of Information (LOI)ত আপোনাৰ দাবী দাখিল কৰাৰ সময় আৰু স্থানৰ বিষয়ে উল্লেখ থাকিব।

চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতো যদি আপোনাৰ দাবী আৰু আপত্তি (claims and objections) সম্পৰ্কে NRC কৰ্তৃপক্ষই লোৱা সিদ্ধান্তত আপুনি সন্তুষ্টি নহয় তেন্তে আপুনি দফা ৮ৰ অধীনত আপীল কৰিব লাগিব মনোনীত বিদেশী ট্ৰিবিউন্যালত [(before the designated Tribunal constituted under the Foreigners (Tribunal) Order, 1964]। এই আপীল আবেদন ৬০ দিনৰ ভিতৰত কৰিব লাগিব। উল্লেখনীয় যে আপুনি যদিহে দফা ৬-ৰ অধীনত দাবী আৰু আপত্তি (claims and objections) আবেদন জনাইছিল তেতিয়াহে আপুনি আপীল কৰিব পাৰিব। অন্যথা আপুনি আপীল কৰাৰ সুযোগ নাপাব। কিয়নো দফা ৮-ত তলত দিয়া ধৰণে স্পষ্টকৈ উল্লেখ আছে- ‘‘8. Appeal. – Any person, not satisfied with the outcome of the decisions of the claims and objections under paragraph 7, may prefer appeal, before the designated Tribunal constituted under the Foreigners (Tribunals) Order, 1964 with in a period of sixty days from the date of such order;’’। অৱশ্যে যদিহে আপোনাৰ নাম, ঠিকনা আদি সম্পৰ্কীয় শুধৰণীৰ প্ৰয়োজন থাকে তেন্তে আপুনি The Citizenship (Registration of Citizens and Issue of National Identity Cards) Rules, 2003ৰ অধিনিয়ম ১২-ৰ অধীনত আবেদন জনাব লাগিব।



লেখক অধিবক্তা জাহিৰ আব্বাছ,উৎস:গণ অধিকাৰ,July 6, 2018

No comments:

Post a Comment

কবিতা

এক অন্ধকাৰ অমানিশা

 বাৰিষাৰ দৰে আহি সিঁচিছিলা বুকুত আশাৰ বীজ, হৃদয়ত প্রতিটো চুকত ফুলি উঠিছিল কহুৱা ফুল৷ লাহে লাহে সপোন বোৰ পাহি মেলিছিল! আশাবোৰ জাগি উঠিছিল প্র...