Tuesday, October 19, 2021

অচিনাকী ৰূপত

তোমাৰ সতে মোৰ চিনাকী বহুযুগৰ

সেই তাহানিতে,

যেতিয়া বালিৰে কচুপাতত,

লুকাভাকু খেলিছিলো৷

কঠাঁলৰ আঠাৰে জিঞা ধৰিবলৈ দৌৰিছিলো৷

পানীত সাতুৰি প্রতিযোগিতা কৰিছিলো৷

নদীত মাছ মাৰিবলৈ লগত গৈছিলো৷

পথাৰত চিলা উৰাবলৈ দৌৰিছিলো৷

সেই সময়ত,

হৃদয়টো আছিল "সুকোমল"

বুজিবলৈ সহজ আছিলা তুমি

দেখাত হাহিমূখীয়া!

অথচ পৰিবেশটো শিক্ষিত নাছিল৷

দিনবোৰ ভাগৰি যোৱাৰ লগে লগে,

আজিৰ খেয়ালী সমাজত,

সমস্যা বহুল যান্ত্ৰিক যাত্ৰাই

নতুনত্বৰ খোজে,

পুৰণি স্মৃতিবোৰ পাহৰি,

নিজ পৰিচয়ৰ পৰা,

বহু দূৰলৈ আতৰি গৈছা৷

জন্মভূমি, আত্মীয়তাৰ পৰিচয়

সলনি হৈছে৷

ভীৰৰ মাজত নিজক আতৰাবলৈ

অচিনাকী ৰূপত....

যেন!!!

এক বিশ্ৰাম বিহিন পথিক৷

*********************

#ৰাজিদুল_ইছলাম

No comments:

Post a Comment

কবিতা

এক অন্ধকাৰ অমানিশা

 বাৰিষাৰ দৰে আহি সিঁচিছিলা বুকুত আশাৰ বীজ, হৃদয়ত প্রতিটো চুকত ফুলি উঠিছিল কহুৱা ফুল৷ লাহে লাহে সপোন বোৰ পাহি মেলিছিল! আশাবোৰ জাগি উঠিছিল প্র...